Breaking

ৰাম সেতুক ৰাষ্ট্ৰীয় ঐতিহ্য হিচাপে ঘোষণা কৰিবলৈ পিআইএল দাখিলঃ শুনানিৰ কথা বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে

0 60

ৰাম সেতুৰ অস্বিত্বকলৈ বিভিন্ন জনৰ মাজত মতৰ ভিন্নতা থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে সুব্ৰমনিয়াম স্বামীয়ে ৰাম সেতুক ৰাষ্ট্ৰীয় ঐতিহ্য স্মাৰক হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰক নিৰ্দেশ দিবলৈ দাখিল কৰা এখন পিআইএলৰ শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ সন্মত হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত এখন বিচাৰপীঠে বিজেপি নেতাজনৰ দাখিলৰ প্ৰতি লক্ষ্য ৰাখি কয় যে এতিয়ালৈকে বিষয়টোৰ ওপৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাই আৰু সেয়েহে পিআইএলখন এতিয়া শুনানিৰ বাবে তালিকাভুক্ত কৰা হ’ব। এই প্ৰসংগত মুখ্য ন্যায়াধীশে কয় “সংবিধান বিচাৰপীঠৰ বিষয়বোৰ শেষ হোৱাৰ পিছত আমি ইয়াক তালিকাভুক্ত কৰিম,” ।

উচ্চতম ন্যায়ালক ১৯ জানুৱাৰীত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছিল যে কেন্দ্ৰই ৰাম সেতুক ৰাষ্ট্ৰীয় ঐতিহ্য স্মাৰক হিচাপে ঘোষণা কৰাৰ সৈতে সম্পৰ্কিত বিষয়টো চোৱা-চিতা কৰি আছে। ৰাম সেতু, যাক আদমৰ দলং বুলিও জনা যায়, হৈছে তামিলনাডুৰ দক্ষিণ-পূব উপকূলৰ পাম্বান দ্বীপ আৰু শ্ৰীলংকাৰ উত্তৰ-পশ্চিম উপকূলৰ মান্নাৰ দ্বীপৰ মাজত থকা চূণশিলৰ শৃংখলা। বিজেপি নেতাজনে দাবী কৰিছে যে তেওঁ ইতিমধ্যে মোকৰ্দমাৰ প্ৰথম পৰ্যায়ত জয়ী হৈছে। কাৰণ কেন্দ্ৰই ৰাম সেতুৰ অস্তিত্ব স্বীকাৰ কৰি লৈছে। ইয়াৰ পূৰ্বে স্বামীয়ে কৈছিল যে গোচৰটো আঠ বছৰ ধৰি বিচাৰাধীন হৈ আছে যদিও চৰকাৰে এই আবেদনৰ কোনো সঁহাৰি দিব পৰা নাই। স্বামীয়ে নিজৰ আবেদনত উচ্চতম ন্যায়ালয়ক আদেশ দিবলৈ আহ্বান জনাইছিল আৰু “ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন কৰ্তৃপক্ষৰ সৈতে ভাৰতীয় সংঘক ৰাম সেতুক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰাচীন স্মৃতিসৌধ হিচাপে ঘোষণা কৰিবলৈ” নিৰ্দেশ দিছিল।ইপিনে বহুতে মন্তব্য কৰিছে যে ৰাম সেতু মানুহে সৃষ্টি কৰা নাই। ই প্ৰাকৃতিক ভাবে চূণ শিলেৰে গঠন হৈছে।

Leave A Reply