Breaking

চামতাত কবি গণেশ বৰ্মনৰ কাব্যগ্ৰন্থ “গান্ধাৰী জোনাক” উন্মোচন

0 2,098

 “ কবিতা হ’ল মনৰ ভাৱ ৰূপক, ব্যঞ্জনাৰে প্ৰকাশ কৰা এক কাব্যালাপ ৷ সকলো মানুহে কবিতা লিখিব নোৱাৰে ৷ যি সকলে কবিতা লিখে বা ৰচনা কৰে তেওলোকে নিজে লিখা মনৰ ভাব কবিতা হৈছেনে হোৱা নাই তাকলৈ বেছি চিন্তিত হব নেলাগে ৷ কবিয়ে কেতিয়াও হীনমান্যতাত ভোগা উচিত নহয় ”৷ এই মন্তব্য  বিশিষ্ট কবি কমল কুমাৰ জৈনৰ ৷ কালি  নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চসূৰ্য ধৰনী বৰ্মন প্ৰেক্ষাগৃহত আজি প্ৰতিভাৱান কবি, শিক্ষক, সাংবাদিক গণেশ বৰ্মনৰ “গান্ধাৰী জোনাক” – উন্মোচন কৰি এনেদৰে কয় গ্ৰন্হ উন্মোচক জৈনে ৷ অসম কবি সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা কাব্যগ্ৰন্থখন উন্মোচন উপলক্ষে আজি দিনৰ প্ৰায় ১১ বজাত নলবাৰী জিলা কবি সন্মিলনৰ সভাপতি ভুৱনেশ্বৰ ডেকাৰ পৌৰহিত্যত সম্পন্ন হোৱা গ্ৰন্থ উন্মোচনী সভাত জ্যেষ্ঠ সাংবাদিক, লেখক ৰমনী বৰ্মনে মুখ্য অতিথি আৰু উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত কুমাৰ ভাগৱতীয়ে বন্তি প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰি সাৱলীল বক্তব্য আগবঢ়ায় । নলবাৰী জিলা কবি সন্মিলনৰ সম্পাদক দ্বীপেন মেনাই সামগ্ৰিক আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আদৰণি ভাষণ আৰু শলাগৰ শৰাই আগবঢ়াই ক্ৰমে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন আৰু কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য ই । সভাত কণ্ঠশিল্পী কবিতা গোস্বামী, চম্পক শৰ্মা, নিপুল বৰ্মন, শিশুশিল্পী অভিজ্ঞান বৰ্মন, অভিলাস বৰ্মন, অনুৰাগ বৰ্মন, অভিপ্সা বৰ্মন আদিয়ে গীত-মাত আৰু কবি ৰাজীৱ দত্ত, আব্দুল মজিদ, দ্বীপেন মেনা, দিলীপ তালুকদাৰ, নৱৰত্ন পাটোৱাৰী, বৰষা বৰ্মন, প্ৰতুল শৰ্মা, কণিকা বৰ্মন, নিবেদিতা ডিম্পল, ৰূপালী বৰ্মন, ৰুৱী দেৱী আদিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে । সভাত কবি গণেশ বৰ্মনে নিজৰ অনুভৱ প্ৰকাশ কৰি কাব্যগ্ৰন্থখনি সুহৃদয়তাৰে আদৰি ল’বলৈ পাঠক সমাজলৈ আহ্বান জনায় । অনুষ্ঠানত ‘হাঁফলু’ কাব্যালোচনীৰ সম্পাদক প্ৰদীপ দাস ঠাকুৰ, ‘প্ৰতিবেদক লাইভ’ৰ মুখ্য সম্পাদক ৰূপক বৈশ্য, চিত্ৰশিল্পী বিনয় শৰ্মা, সমাজসেৱী হিৰণ্য বৰ্মন, এম হাছান আলী, শিক্ষাবিদ বিৰেন্দ্ৰ নাথ বৰ্মন, তপন কুমাৰ শৰ্মা, ঔপন্যাসিক নীলিম আকাশ কাশ্যপ প্ৰমুখ্যে শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই অনুষ্ঠানতে ক্ৰমে কবি আব্দুল মজিদ আৰু অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ বলেন কুমাৰ গোস্বামীয়ে এখনকৈ কাব্যগ্ৰন্থ আনুষ্ঠানিক ভাবে ক্ৰয় কৰি বদান্যতা প্ৰদৰ্শন কৰে ।

Leave A Reply