পোহৰলৈ আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ নিতৌ ন ন তথ্য। ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বহু ছাত্ৰ-ছাত্ৰী।
চি আই দিয়ে উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে প্ৰশ্ন কাকত ফাদিলকলৈ ডিব্ৰুগড়ৰৰ ছল্টব্ৰুক একাডেমীৰ ৭ জনকৈ ছাত্ৰৰ লগতে অধ্যক্ষকো আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
এই তদন্তৰ পিছতেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন৷ সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে যে ডিজিটেলি ধনৰ লেনদেন তথ্য লাভ কৰিছে ডিব্ৰগড় আৰক্ষীয়ে ৷
আটকাধীন ছাত্ৰকেইজনৰ পৰা ৫০০ৰ পৰা ২০০০ টকা পৰ্যন্ত লেন দেন হোৱাৰ কথা সদৰি কৰিছে আৰক্ষীয়ে।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2023/03/Screen-Shot-2023-03-14-at-5.12.48-PM.png)
ইয়াৰ মাজতো ধেমাজিৰ এজন ছাত্ৰই আন এক বিস্ফোৰক স্বীকাৰোক্তি দিছে যে বিজ্ঞান বিষয়ৰ পূৰ্বে ফাদিল হৈছিল গণিত বিষয়ৰো প্ৰশ্ন কাকত৷