Breaking

বকোৰ বালিঝাৰ জামে মছজিদত ‘ৰমজান’ উপলক্ষে আৰক্ষী বিষয়া ছাদ্দাম হুছেইন আনছাৰীৰ ইফতাৰ অনুষ্ঠান….

0 44

ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থাকিও মানৱ সেৱা আৰু ধৰ্মীয় সেৱাৰ উৎকৃষ্ট নিদৰ্শন  যে দাঙি ধৰিব পাৰি সেয়া দেখুয়াই দিলে এগৰাকী আৰক্ষী বিষয়াই ৷ খাকী পোচাকৰ মাজত থাকিও ধৰ্মীয়ভাৱে উদাৰতাৰ নিদৰ্শন দাঙি ধৰা আৰক্ষী বিষয়া গৰাকী হৈছে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছাদ্দাম হুছেইন আনছাৰীয়ে ৷

ৰমজান মাহ উপলক্ষে সমাজৰ দৰিদ্ৰ – দুখীয়া- ধনী শ্ৰেণীৰ মাজত সদ্বভাৱ আৰু সমন্বয়-সম্প্ৰীতি  সৃষ্টিৰ লক্ষৰে আৰক্ষী বিষয়াজনে বকোৰ বালিঝাৰ জামে মচজিদত বুধবাৰে অনুষ্ঠিত কৰে এক ইফতাৰ কাৰ্যসূচীৰ ৷ আৰক্ষী বিষয়াজনে ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি ৰমজানৰ ৰোজা (ব্ৰত) পালন কৰা বৃহত্তৰ বালিঝাৰ অঞ্চলৰ  ধনী-দুখীয়া ইছলাম ধৰ্মাৱলম্বী লোকক ইফতাৰ কৰাই  উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ৷

পৱিত্ৰ ৰমজান মাহৰ প্ৰতি সন্মান জনাই আৰক্ষী বিষয়াজনে  প্ৰায় দুই শতাধিক ৰোজাদাৰক ইফতাৰ কৰায় ৷ এই ইফতাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশ্ব শান্তি আৰু ভাতৃত্ববোধ সৃষ্টিৰ উদ্দেশ্যে সমূহীয়া দোৱাও অনুষ্ঠিত হয় ৷ এই পদক্ষেপৰ বাবে বিষয়া গৰাকীক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে ৷ 

Leave A Reply