Breaking

দুলীয়াজানত ভাঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : ভাংসহ এজনক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ

0 525

ৰাজ্যৰ সমান্তৰালকৈ তৈলনগৰী দুলীয়াজানতো অবৈধ ভাং, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে । শেহতীয়াকৈ কালি সন্ধিয়া আৰক্ষীয়ে দুলীয়াজানৰ ৰেলৱে ষ্টেচনৰ সমীপত অভিযান চলাই এটা ভাংৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় । নামৰূপৰ নৱ নিযুক্ত উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে অভিযান চলাই ঘাটিটোৰ পৰা বুজন পৰিমাণৰ অবৈধ ভাং জ্বব্দ কৰাৰ লগতে বহুতো আপত্তি জনক সা -সামগ্ৰী উদ্ধাৰ কৰে । ইফালে অবৈধ ভাং ব্যৱসায়ৰ লগত জড়িত জান বৰুৱা(৩৯)ক আৰক্ষীয়ে আটক কৰে । উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি তৈলনগৰী দুলীয়াজানত ভাঙৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ অহা ধৃত জান বৰুৱাক কি কাৰণত দুলীয়াজান আৰক্ষীয়ে ইমান দিনে আটক কৰিবলৈ সক্ষম নোহোৱা মূল অভিযুক্তক অৱশেষত নামৰূপৰ উপ আৰক্ষী অধীক্ষকে হাতে লুটে আটক কৰিবলৈ সক্ষম হয় । দুলীয়াজানৰ ৰেলৱে ষ্টেচনৰ সমীপৰ এটা টিঙৰ বেৰা দিয়া ঘৰটোতে ভাংৰ ৰমৰমীয়া ব্যৱসায় চলাই দুলীয়াজানৰ সামাজিক পৰিবেশ কলুষিত কৰি আহিছিল । আনহাতে এই অবৈধ ভাঙৰ ঘাটিটোৰ পৰা দুলীয়াজানৰ একাংশ লোকে মাহেকীয়া উপঢৌকন লৈ ব্যৱসায় চলোৱাত উদ্গনি যোগায় অহাৰো অভিযোগ উত্থাপিত হৈ আহিছিল । ইফালে ঘটনা সৰ্ন্দভত আৰক্ষীয়ে দুলীয়াজান আৰক্ষী থানাত ২৬২/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি আজি দুপৰীয়া অভিযুক্ত জান বৰুৱাক ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে ।

Leave A Reply