Breaking

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধৰ্মশালাত আৰক্ষীৰ গুলীত নিহত দুস্কৃতিকাৰী, চাঞ্চল্য

0 40

ধুবুৰী

ধুবুৰীৰ ধৰ্মশালা আৰক্ষী চকীৰ অন্তৰ্গত সোমবাৰে পুৱতি নিশা দুস্কৃতিকাৰী সৈতে  আৰক্ষীৰ গুলীত এজন ব্যক্তিৰ মৃত্যু হয়। নিহত যুৱকজন কুখ্যাত দুস্কৃতিকাৰী আছিল বুলি মন্তব্য আৰক্ষী শীর্ষ সূত্ৰত জানিব পৰা গৈছে। ধুবুৰীৰ ধৰ্মশালা আৰক্ষী চকীৰ অন্তৰ্গত ডোঙাৰ পাৰত নিশা ধুবুৰী আৰক্ষীৰ এটা দলে নিয়মীয়া টহল দি থকাৰ সময়তেই পুৱতি নিশা প্ৰায় দুই বজাত চাৰিজন কৈ অচিনাকি ব্যক্তিক দেখা পাই আৰক্ষীয়ে যুবক কেইজনৰ ৰ’বলৈ কয় যদিও যুবক কেইজনে হঠাতে আৰক্ষী লৈ লক্ষ্য কৰি গুলীচালনা কৰে বুলি জানিবলৈ দিয়ে৷ আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰাত এজন যুৱক গুৰুতৰভাৱে আহত হয়। পিছত আহত যুৱকজনক আৰক্ষীয়ে ধুবুৰীৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে৷ চিকিৎসালয়তে মৃত্যু হয় যুৱকজনৰ। আনহাতে বাকী চাৰিজন দুস্কৃতিকাৰী ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়। ইপিনে মৃত যুৱকজন বিলাসিপাৰা চাপৰৰ বৰখোলা শ্বাহ আলম বুলি চিনাক্ত হৈছে৷ তেওঁৰ পৰা চাৰিটা সক্ৰিয় গুলী, দুটা খালি কার্টুজ আৰু এটা  পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে মৃত শ্বাহ আলম এজন কুখ্যাত অপৰাধী আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Leave A Reply