Breaking

ঘগ্ৰাপাৰ থানা এলেকাৰ ১৭ খন দুৰ্গা পূজাত কৰ্তব্য পালনৰ বাবে সাজু-আৰক্ষী-গাঁও ৰক্ষী বাহিনী

0 2,017

দুৰ্গা পূজা  উপলক্ষে  নলবাৰী জিলা  প্ৰশাসনৰ লগতে   ঘগ্ৰাপাৰ আৰক্ষী -গাঁও ৰক্ষী বাহিনী তৎপৰতা হোৱাৰ সময়তে  আজি  ঘগ্ৰাপাৰ আৰক্ষী থানাত  গাঁওৰক্ষী বাহিনীৰ উদ‍্যোগত দুৰ্গা পূজা উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক  প্ৰদীপ কুমাৰ দাসে সভাপতিত্ব  কৰা সভাখনৰ  উদ্দেশ্য বাখ্যা কৰে গাঁও ৰক্ষী বাহিনীৰ কাৰ্যকৰ্তা  আব্দুল গণিয়ে।সভাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি ভাষণত নিজ নিজ এলেকাৰ ক’ভিড প্ৰটকল মানি দুৰ্গা পূজাৰ সময়ত নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। উক্ত সভাত ঘগ্ৰাপাৰ থানা এলেকাৰ ১৪৫ টা গাঁও ৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকলে অংশগ্ৰহণ কৰে।

Leave A Reply