Breaking

পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ প্ৰশান্ত শৰ্মাই।

0 1,014

ননৈঃ “মন কৰিলেই ছন বাকৰি মাটিতেই ধন”– এই কথাষাৰকে সাৰোগত কৰি নগাঁও জিলাৰ বঢ়মপুৰৰ কৰ্মদ্যোমী যুৱক প্ৰশান্ত কুমাৰ শৰ্মাই ওৰফে গনেশ আগবাঢ়ি গৈছে নিজৰ কৰ্মত ৷ যি সময়ত আমাৰ ৰাজ্যখনত ভয়াৱহ নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে সেই সময়তে এজন কৰ্মদ্যোমী যুৱকে গো-পালনৰ জৰিয়তে উপাৰ্জনৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । আনুষ্ঠানিক কলেজীয়া শিক্ষাৰে উচ্চ শিক্ষিত হৈও এইগৰাকী ৪২ বছৰীয়া যুৱকে এনে কৰ্মৰাজিৰ জৰিয়তে ৰাজ্যখনৰ আন আন উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে । কেৱল চৰকাৰী চাকৰিৰ আশাতে বন্দী হৈ নাথাকি জীৱনৰ অমূল্য সময়বোৰ অপচয় কৰাৰ প্ৰৱণতাক একাষৰীয়া কৰি যুৱকজনে গো-পালনৰ জৰিয়তে ক্ৰমে স্বাৱলম্বী হৈ পৰিছে । দৰাচলতে বহু যুৱক -যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে বিভিন্ন বহুজাতিক কোম্পানী বা অন্য কোম্পানী প্ৰতিষ্ঠানত নিয়োজিত হৈ একোটা যন্ত্ৰৰ দৰে কাম কৰিও নিজে মানসিক সন্তুষ্টি লাভ কৰিব নোৱাৰাৰ সত্বেও এনে কৰ্মৰাজিতে ব্যস্ত থাকিবলগা হৈছে । কিন্তু ইয়াৰ বিপৰীতে প্ৰশান্ত কুমাৰ শৰ্মাই নিজ গৃহতে গো-পালনৰ জৰিয়তে যথেষ্ঠ লাভবান হোৱাৰ লগতে নিজৰ পৰিশ্ৰমৰ বলত স্বাৱলম্বী হৈ পৰাত আত্মসন্তুষ্টিও লাভ কৰিছে । জানিব পৰা মতে  বঢ়মপুৰৰ নিকটৱৰ্তী দেউৰীগাঁও নিবাসী ৰত্নেশ্বৰ শৰ্মা আৰু বিনু দেৱীৰ পুত্ৰ প্ৰশান্ত শৰ্মাই ২০০০ চনতে নগাঁও এ ডি পি কলেজৰ পৰা কলা শাখাৰ অৰ্থনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি চৰকাৰী চাকৰিৰ বাবে হাত সাৱটি বহি নাথাকি জ্যেষ্ঠ ভাতৃ মৃণাল শৰ্মাৰ পৰামৰ্শ অনুসৰি ২০০১ চনত পুৰণিগুদামৰ ইউ বি আই বেংকৰ পৰা ৪০ হেজাৰ  টকাৰ ঋণ গ্ৰহণ কৰি আৰম্ভণিতে দুজনী উন্নতজাতৰ গাইগৰু কিনে । সেই দুজনী গাইগৰু কিনাৰ পিছৰে পৰা তেওঁ আৰু কৰ্মসংস্থাপনৰ বাবে উভতি চাবলগীয়া হোৱা নাই পিছলৈ । নিজৰ কৰ্মস্পৃহা আৰু একাগ্ৰতাৰ বলত প্ৰশান্তই ২০০১ চনৰ পৰা বৰ্তমানলৈকে ৫ জনী উন্নতজাতৰ জাৰ্চি আৰু গাইগৰুৰ পৰা দৈনিক ৫৫-৬০ লিটাৰ গাখীৰ উৎপাদন কৰি আহিছে আৰু সেইয়া বঢ়মপুৰস্থিত দৈনিক বজাৰৰ জি এছ এম নামৰ হোটেলখনতে যোগান ধৰি আহিছে । ইয়াৰ পৰা তেওঁ মাহেকত প্ৰায় ২০-২২ হেজাৰ টকা উপাৰ্জন কৰি আহিছে । অৱশ্যে তেওঁৰ বঢ়মপুৰৰ দৈনিক বজাৰত এখন সৰু গাড়ী -মটৰৰ পাৰ্টছৰ দোকানো আছে । যুৱকজনে গো-পালনৰ সমান্তৰালকৈ  গৰুৰ বাবে প্ৰয়োজন হোৱা ঘাঁহ নিজৰ বাৰীৰ পিছফালে ২ বিঘা মাটিত নেপিয়াৰ আৰু গিনী ঘাঁহৰ খেতি কৰাৰ লগতে কাষৰ পথাৰৰ এবিঘা মাটিত ৰিনা ঘাঁহৰ খেতি কৰা বুলিও জানিবলৈ দিছে । গো-পালনৰ ক্ষেত্ৰত  প্ৰশান্ত শৰ্মাক বঢ়মপুৰৰ পশু চিকিৎসালয়ৰ চিকিৎসক প্ৰবীৰ কুমাৰ শইকীয়াই সময়ে-সময়ে  দিহা-পৰামৰ্শ আৰু প্ৰয়োজনীয় দানা , কেলচিয়াম , মিনাৰেল মিক্সাৰ , পেলুৰ দৰৱ আদি নিৰ্দিষ্ট সময়ত প্ৰদানেৰে সহায় কৰি আহিছে । এই গৰাকী কৰ্মদ্যোমী যুৱকক তেওঁৰ  সহধৰ্মিনী ভাৰতী দেৱীয়েও যথেষ্টভাৱে সহায়-সহযোগিতা কৰা বুলিও তেওঁ সদৰী কৰিছে । প্ৰশান্তই মাজে মাজে ঘৰতে গাখীৰেৰে উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰী যেনে- পনীৰ , ৰসগোল্লা আদি প্ৰস্তুত কৰিও বিক্ৰী কৰি আহিছে । উল্লেখ্য যে, বঢ়মপুৰৰ বিভিন্ন চাহ-বাগানলৈ কীটনাশক ঔষধৰ লগতে অৰ্গেনিক হিচাপে ব্যৱহাৰ কৰিবৰ বাবে প্ৰশান্তৰ গৰুৰ গো-মূত্ৰখিনি লৈ যায় আৰু ইয়াৰ বাবদ প্ৰশান্তই  প্ৰতিলিটাৰত ১০ টকাকৈ লাভ কৰে বুলিও জানিবলৈ দিছে। এইগৰাকী যুৱক প্ৰশান্ত শৰ্মাই গো-পালনৰ উপৰি কৃষিকৰ্মতো নিয়োজিত হৈ আহিছে আৰু তেওঁৰ কৃষিকৰ্মত বছৰৰ সকলো সময়তে খেতি বাতিত পানী যোগান ধৰিবৰ বাবে এটি চ’লাৰ পাম্পৰ  প্ৰয়োজনৰ হোৱা বুলি জানিবলৈ দিছে কিন্তু চ’লাৰ পাম্প এটা কিনাৰ সামৰ্থ বৰ্তমান সময়ত তেওঁৰ নথকাৰ বাবে চৰকাৰলৈ সহায়-সহযোগিতা বিচাৰি আহ্বান জনাইছে ।

Leave A Reply