Breaking

প্ৰতিক সিনহা আৰু মহম্মদ জুবেইৰে এইবাৰ লাভ কৰিব পাৰে শান্তিৰ নোবেল বঁটা

0 181

ফেক্ট চেকিং ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতিক সিনহা আৰু মহম্মদ জুবেইৰে এইবাৰ লাভ কৰিব পাৰে শান্তিৰ নোবেল বঁটা। বাতৰি অনুসৰি এই দুজন ভাৰতীয় সাংবাদিক শান্তিৰ নোবেল বঁটাৰ বাবে চৰ্টলিষ্ট কৰাসকলৰ ভিতৰত অন্যতম।এই তালিকাত আছে ভাৰতীয় লেখক তথা সমাজ কৰ্মী হৰ্ষ মান্দেৰ। নৰৱেৰ অছলোৰ পৰা শান্তিৰ নবেল বঁটা ঘোষণা কৰা হ’ব। আটাইতকৈ সন্মানীয় এই বঁটা ঘোষণাৰ পূৰ্বে কোন এই বঁটাৰ অধিকাৰী হ’ব আৰু দৌৰৰ শীৰ্ষত কোন আছে তাকে লৈ জল্পনা-কল্পনা চলি আছে।

টাইম আলোচনীখনে নৰৱেৰ আইন প্ৰণেতাসকলৰ জৰিয়তে প্ৰকাশ কৰা মনোনয়ন, বুকমেকাৰসকলৰ ভৱিষ্যতবাণী আৰু শান্তি গৱেষণা প্ৰতিষ্ঠান অছলোৰ বাছনিৰ ওপৰত আধাৰিত কৰি এক সাম্ভাব্য ব্যক্তিৰ তালিকা প্ৰস্তুত কৰিছিল।তালিকাখনত সাংবাদিক প্ৰতীক সিনহা আৰু মহম্মদ জুবেইৰ নাম অন্তৰ্ভুক্ত আছে, যিসকলে ভাৰতত নিৰন্তৰ ভুল তথ্যৰ সৈতে যুঁজি আছে।

শান্তি গৱেষণা প্ৰতিষ্ঠান অছলো (পিআৰআইঅ’)ৰ সঞ্চালক হেনৰিক উৰ্দালেও শান্তি নোবেল বঁটা বিজয়ীসকলৰ এখন সম্ভাৱ্য সংক্ষিপ্ত তালিকা মুকলি কৰিছিল। তেওঁৰ তালিকাত আছে ভাৰতীয় লেখক হৰ্ষ মান্দেৰ ।

উৰ্দালে সিনহা আৰু জুবেইৰক ভাৰতত ধৰ্মীয় উগ্ৰবাদ আৰু অসহিষ্ণুতাৰ বিৰুদ্ধে যুঁজ দিয়া পুৰষ্কাৰৰ বাবেও আন এক যোগ্য প্ৰাৰ্থী বুলিও অভিহিত কৰিছে।

Leave A Reply