Breaking

প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা “তেজপুৰ সাহিত্য উৎসৱ ( তেজপুৰ লিটফেস্ট’২২)ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে…

0 97

শিলে কথা কোৱা প্ৰকৃতিৰ ৰম্যভূমি তেজপুৰত হ’ব কথা আৰু কবিতাৰ বৰষুণ। দেশৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ জনপ্রিয় লেখক সাহিত্যিকৰ সমাৱেশেৰে অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে তেজপুৰত আয়োজন কৰিবলৈ লোৱা “তেজপুৰ সাহিত্য উৎসৱ – ২০২২” ( তেজপুৰ লিটফেস্ট’২২)ৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান “তেজপুৰ একাডেমী অব লিটাৰেচাৰ এণ্ড এডুকেশন” (টেল) ৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰীয়া ৰাইজৰ সহযোগত তেজপুৰৰ নেৰিয়ালম চৌহদত অনুষ্ঠিত হ’ব এই সাহিত্য উৎসর।

সাহিত্য উছৱৰ প্ৰতিটো দিনতে আয়োজিত হ’ব লগা বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব প্ৰসিদ্ধ লেখক ধ্ৰুৱজ্যোতি বৰা, মামাং দাই, মিত্ৰা ফুকন, এল হাজৰিকা, অনুৰাধা শৰ্মা পূজাৰী, য়েছে দৰজে ঠংচি, অবিন্দম বৰকটকী, জেনিচ প্যাৰিয়ট, শর্মিষ্ঠ প্রীতম আদি লেখক-লেখিকা সকলৰ লগতে চেলিব্রিটি চিনে তাৰকা ৰজত কাপুৰে। শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আয়োজক সমিতিৰ সভাপতি হিচাপে থাকি দেশৰ এই জনপ্রিয় লেখক-সাহিত্যিক সকলক আদৰিবলৈ “টেল” ৰ কৰ্মকৰ্তাৰ লগতে আয়োজক সমিতিয়ে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। এই সাহিত্য উৎসৱত লেখক সাহিত্যিক সকলৰ সৈতে পাঠকৰ “মেজমেল”, “লেখকৰ সৈতে মুখামুখি – অন্তৰংগ আলাপ”, “সৃজনশীল লেখাৰ কৰ্মশালা”, “বহুভাষিক গদ্য – কবিতা পাঠ”, “থিতাতে কবিতা ৰচনা”, “শেম কবিতা বা দৃশ্য শ্ৰাব্য কবিতা”, “ঘূৰণীয়া মেজমেল”, “সমূহীয়া বক্তৃতা”, “কুইজ”,“গল্প পাঠ” আদি কাৰ্য্যসূচীৰ লগতে ৰচীশীল সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰ বাবে সাজু হৈছে আয়োজক সমিতি। উল্লেখ্য যে তেজপুৰ চহৰৰ সমীপৰ দোলাবাৰীৰ নেৰিয়ালম চৌহদত (NERIWALM Campus) ত অনুষ্ঠিত হ’ব লগা এই সাহিত্য উৎসর প্রতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ সকলোৰে বাবে মুকলি থাকিব আৰু সকলো অনুষ্ঠানতে সকলোৱে বিনামূলীয়াকৈ অংশ গ্ৰহণ কৰিব পাৰিব।

তেজপুৰত প্ৰথমবাৰৰ বাবে আয়োজিত এই “তেজপুৰ সাহিত্য উৎসৱ – ২০২২“ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ৯ ডিচেম্বৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ’ব “তেজপুৰ সাহিত্য উৎসৱ – 2022”ৰ উদ্বোধনী অনুষ্ঠান। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা° ধ্ৰুৱজ্যোতি বৰাই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰাৰ লগতে ভাৰতীয় তেল নিগমৰ মুখ্য সাধাৰণ পৰিচালক মাধুৰ্য্য বৰুৱাৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সন্মানীয় অতিথি, শোণিতপুৰৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু জিলা আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মা বিশেষ আমন্ত্রিত অতিথিৰূপে উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানৰ অন্তত দুপৰীয়া ১২ বজাত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ ডেকাই মূল বক্তব্য প্ৰদান কৰাৰ লগতে বিয়লি ২-৩০ বজাত অনুষ্ঠিতব্য পেনেল আলোচনাত সাহিত্যিক মিত্রা ফুকন, অধ্যাপক জেনাইল সিং আনন্দ, মামাং দাই, ধ্রুব হাজৰিকা আৰু অংকুশ শ‍ইকীয়াই অংশ ল’ব। বিয়লি ৪-৩০ বজাত দেশৰ চেলিব্রিটি চিনে তারকা রজত কাপুৰৰ সতে বিশিষ্ট সাংবাদিক জাবিৰ হুছেইনৰ কথোপকথন। অহা ১০ ডিচেম্বৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা চ বজাৰ পৰা ড° শোভা দেৱীৰ তত্ত্বাৱধানত তেজপুৰ হেৰিটেজ ট্যুৰ ( ঐতিহাসিক তেজপুৰ পৰিভ্ৰমণ), দিনৰ ১০ বজাত সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক ড° অনুৰাধা শৰ্মা পূজাৰীৰে অন্তৰংগ আলোচনা। আলোচনাৰ আঁত ধৰিব অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে । দিনৰ ১১ বজাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি, অবিন্দম বৰকটকী, নাং অজন্তা বুঢ়াগোঁহাই- আৰু মৌচুমী বৰকটকীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হ’ব’ সমসাময়িক অসমীয়া সাহিত্যৰ দিশঃ সাম্প্ৰতিক অসমীয়া সাহিত্যৰ গতিপথ’ শীৰ্ষক বিষয়ৰ পেনেল আলোচনা।

আলোচনাৰ আঁত ধৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সাহিত্যিক ড° সঞ্জীৱপল ডেকাই। দিনৰ ১২-৩০ বজাত হ’ব লগা লেখকৰে মুখামুখি(মিট দ্য অথৰ) অনুষ্ঠানত অংশ ল’ব জনপ্রিয় লেখিকা শর্মিষ্ঠা প্রীতমে। সেইদিনা বিয়লি ২ বজাত সাহিত্যিক মামাং দাইৰ অংশ গ্ৰহণেৰে প্লেনাৰী চেছন, ৩-১৫ বজাত বিশিষ্ট সাহিত্যিক মিত্রা ফুকনাবে মুখামুখি অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন, ৪ বজাত লিটাৰেচাৰ ইন টাইমচ অৱ ক্ৰাইচিচ বিষ্যাত সাহিত্যিক ধ্রুব হাজৰিকা, মিত্ৰা ফুকন, জেনিচ পেৰিয়ট আৰু আৰু অন্তৰ আত্ৰেয়ৰ অংশগ্রহণেৰে পেনেল আলোচনা। আলোচনা খনিৰ আঁত ধৰিব ড° হিমজ্যোতি মেধীয়ে। সন্ধিয়া ৫-৩০ বজাত আয়োজিত হ’ব ‘লাফলাইনচ উইথ পংকজ থাপা’ৰ কাৰ্টুনত সমসাময়িক সময় শীর্ষক অনুষ্ঠান। বৰ ডিচেম্বৰৰ অন্তিম দিনৰ কাৰ্যসূচী দিনৰ ১০ বজাত সৃজনীমূলক লেখাৰ সন্দৰ্ভত জেনিচ পাৰিয়াটৰ সৈতে অন্তৰংঙ্গ আলোচনা, দুপৰীয়া ৰচবজাত ‘আমি কি পঢ়ো শীর্ষক অধ্যাপিকা ড° পল্লৱী ঝাৰ পৰিচালনাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠান, বিয়লি ১- ৪০ বজাত কুইজ, ৫-১২ বছৰৰ বয়সৰ শিশুৰ সাধু কোৱা অনুষ্ঠান, বিয়লি ৩ বজাত নাট্যকাৰ সাংবাদিক পুলক কুমাৰ ডেকাৰ পৰিচালনাত বহুভাষিক কবিতাৰ অনুষ্ঠান, বিয়লি ৪-৩০ বজাত আৰ জে গুপশ্বপৰ সৈতে মুকলি মাইক অনুষ্ঠান। সন্ধিয়া ৫ বজাত বঁটা প্ৰদান, সম্বৰ্ধনা আৰু বৰ্ণাঢ্য কাৰ্যসূচী আদিবে আয়োজিত সামৰণি অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেণ দাস, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি, শ‍ইকীয়া, ড° প্ৰদীপ কুমাৰ বৰা আৰু ড° অমিত জুগ্রনে মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰিব।

Leave A Reply