Breaking

সুধাকণ্ঠ দিৱস উদ্‌যাপনৰ প্ৰস্তুতি…

0 77

উত্তৰ গুৱাহাটীৰ অগ্ৰণী সমাজ-সাংস্কৃতিক সংস্থা ‘ জনকল্যান ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়,অসম’ ৰ উদ্যোগত আৰু প্ৰতিষ্ঠিত সংগীত বিদ্যালয় ‘সংগীত সুৰভি’ উত্তৰ গুৱাহাটীৰ সহযোগত ৫ নৱেম্বৰত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দাদ্বশ পুণ্য মৃত্যুবাৰ্ষিকী উপলক্ষে , উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘ সুধাকণ্ঠ দিৱস ‘ উদ্‌যাপনৰ আয়োজন কৰা হৈছে । ইয়াৰ লগত সংগতি ৰাখি অহা ১৫ অক্ট’বৰ , ২০২৩ তাৰিখ ,ৰবিবাৰে দিনৰ ১০ বজাৰ পৰা উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰাঙ্গনত ‘সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা ‘ , প্ৰথমমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ , ৩টা শাখাত অনুস্থিত কৰা হ’ব । চিত্ৰাংকন প্ৰতিযোগিতাৰ পঞ্জীয়ন মাছুল হ’ব ৫০/- টকা আৰু বিষয়বস্তু হ’ব – ‘ক’ শাখা- শ্ৰেণী প্ৰথমমানৰ পৰা তৃতীয়লৈ – ‘অসম আমাৰ ৰূপহী ‘ , ‘খ’ শাখা- চতুৰ্থৰ পৰা অষ্টমলৈ – ‘লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া , বালিভাত ৰান্ধি খায়’ , ‘গ’ শাখা-নৱমৰ পৰা দ্বাদশলৈ- ‘মানুহে মানুহৰ বাবে’ । ৰংৰ মাধ্যম যিকোনো । আনহাতে অহা ৫ নৱেম্বৰ , ২০২৩ তাৰিখ , ৰবিবাৰে , দিনৰ ১০ বজাৰ পৰা , উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰেক্ষাগৃহত ‘সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা’ ৬ বছৰৰ পৰা ২৫ বছৰৰ প্ৰতিযোগীৰ মাজত ২ টা শাখাত অনুষ্ঠিত কৰা হ’ব ।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ নিৰ্দ্ধাৰিত পঞ্জীয়ন মাছুল – ১৫০/- টকা । সংগীত বাছনি প্ৰতিযোগীৰ নিজৰ আৰু নিৰ্দ্ধাৰিত সংগীত পৰিৱেশনৰ সৰ্বোচ্চ সময়- ৫ মিনিট । কেৱল হাৰমণিয়াম আৰু তবলা বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব । বাদ্যযন্ত্ৰী লগত আনিব পাৰিব প্ৰতিযোগীসকলে । চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰতিটো শাখাত ৩টাকৈ থাকিব / নগদ ধন , ট্ৰফী আৰু মানপত্ৰ । আনহাতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত (প্ৰতিটো শাখাত -৩টা) প্ৰথম পুৰস্কাৰ- ৫০০০/- টকা , দ্বিতীয় পুৰস্কাৰ- ৩০০০/- টকা আৰু তৃতীয় পুৰস্কাৰ – ২০০০/- টকাৰ লগতে ট্ৰফী আৰু মানপত্ৰ থাকিব । পুৰস্কাৰসমূহ ৫ , নৱেম্বৰৰ ‘সুধাকণ্ঠ দিৱস’ৰ সাংস্কৃতিক অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক প্ৰদান কৰা হ’ব । প্ৰতিযোগিতাসমূহৰ সকলো অংশগ্ৰহনকাৰী প্ৰতিযোগীক মানপত্ৰ প্ৰদান কৰা হ’ব । সৱিশেষ জানিবলৈ আৰু পঞ্জীয়ন পত্ৰ সংগ্ৰহ কৰিবলৈ যোগাযোগ কৰক -84720-91311, 9365676156।

Leave A Reply