Breaking

ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকলৈ কোৱাৰেণ্টাইনৰ বাবে সাজু দৰং জিলা প্ৰশাসন

0 164

মঙলদৈ

ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক চৰকাৰে নিজ মাতৃভূমিলৈ ঘূৰাই অনা আৰু লগতে তেওঁলোকক নিদিষ্ট দিন কোৱাৰেণ্টাইন কৰাৰ যি  ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ সমান্তৰালকৈ দৰং জিলাতো ৰাজ্যৰ বাহিৰৰ পৰা ঘূৰি অহা  লোকসকলক কোৱাৰেণ্টাইন কৰাৰ কেনেধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে সেই বিষয়ে আলোচনা কৰিবলৈ বুধবাৰে জিলাখনৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ছিপাঝাৰ, মঙলদৈ, কলাইগাঁও সমষ্টিৰ বিধায়ক ক্ৰমে বিনন্দ কুমাৰ শইকীয়া, গুৰুজ্যোতি দাস, মহেশ্বৰ বড়োৰ উপৰি আৰক্ষী অধীক্ষক অমৃত ভূঞা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়াসকল তথা বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত উপায়ুক্ত দিলীপ কুমাৰ বৰাই জিলাখনত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা  ল’বলৈ স্বাস্থ্য বিভাগকে মুখ্য কৰি  জনস্বাস্হ্য কাৰিকৰী বিভাগ তথা আন আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ সভাত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই জানিবলৈ দিয়ে যে ইতিমধ্যে ৰাজ্যৰ বাহিৰৰ পৰা প্ৰায় ৯ হাজাৰ লোকে জিলাখনলৈ ঘূৰি আহিবলৈ আবেদন জনাইছে৷ আহি পাবলগীয়া ৪ জন লোকক জনাৰামচৌকাৰ মডেল হাস্পতালত কোৱাৰেণ্টাইন কৰা হ’ব৷ প্ৰাৰম্ভিকতে জিলাখনৰ কোৱাৰেণ্টাইনৰ বাবে প্ৰস্তুত কৰা কেন্দ্ৰসমূহ হ’ল জৱাহৰ নবোদয় বিদ্যালয়, ধূলা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, মঙলদৈ মহাবিদ্যালয় ছাত্রী নিবাস, ছিপাঝাৰ মহাবিদ্যালয় ছাত্রী নিবাস, হোটেল সিদ্ধাৰ্থ পেলেচ, হোটেল মধুবন, খাৰখোৱা হোটেল, শ্যামলী হোটেল৷ আনহাতে, আন আন কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ স্হাপনৰ আগতে সুবিধা-অসুবিধাসমূহ চালি-জাৰি চাবৰ বাবে বৃহস্পতিবাৰে উপায়ুক্তই বিভিন্ন বিদ্যালয়কে ধৰি বিভিন্ন স্থানসমূহ নিজে পৰিদৰ্শন কৰিব বুলি সভাত জানিবলৈ দিয়ে৷

Leave A Reply