Breaking

কেন্দ্ৰীয় স্বহীদ পৰিয়াল সন্থাৰ উদ্যোগত সংবাদমেল

0 2,033

বিটিআৰ বড়োভূমিত অস্ত্ৰধাৰী সংগঠনৰ উদ্ভৱ হোৱা, আত্মসমৰ্পণ কৰা, বৰ্তমান সময়ত প্ৰতিযোগিতাৰ দৰে হৈ পৰিছে!সেয়েহে সঘনে হত্যাকাণ্ড  ইনকাউন্টাৰ অপৰাধজনিত সংঘৰ্ষ, আৰু নিৰ্দুষী লোকক আৰক্ষীয়ে হত্যা কৰা ঘটনা সন্দৰ্ভত আজি কেন্দ্ৰীয় শ্বহীদ পৰিয়াল সন্থাই সংবাদমেল আয়োজন কৰে।উল্লেখ্য যে ২০২০ চনৰ ২৭ জানুৱাৰীত বড়ো ঐতিহাসিক শান্তি চুক্তি বিটিআৰ চুক্তিৰ দ্বাৰাই বড়ো সকলৰ অভাৱ অভিযোগ সমস্যাৰ অন্ত পেলাই বড়োভূমিত শান্তিৰ বাতাৱৰণ কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰিছিল।  কিন্তু চুক্তি স্বাক্ষৰিত হোৱা ২টা বছৰ সম্পূৰ্ণ নহোওটেই  বড়োভূমিত পুনৰ দুটাকৈ অস্ত্ৰধাৰী সংগঠনৰ উদ্ভৱ হৈ আত্ম সমৰ্পণ কৰা দেখা গ’ল।কিয়নো আজি বিটিআৰ চুক্তিৰ ডেৰটা বছৰ অতিক্ৰম কৰাৰ পাছতো চুক্তিখন ভালদৰে ৰূপায়ণ নহ’লযাৰ পৰিপেক্ষিতত বড়োভুমিত পুনৰ হিংসান্তক অস্ত্ৰধাৰী উগ্ৰপন্থী সংগঠনৰ উদ্ভাৱন হ’ল।অসম আৰক্ষীৰ হাতত নিৰ্দুষী লোক শ্বহীদ হ’ব লগা হ’ল দুজনকৈ তেজাল  বড়ো যুৱক জুংচাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম,সেয়েহে আজি কেন্দ্ৰীয় শ্বহীদ পৰিয়া সন্থাই সংবাদ মাধ্যম যোগে কোকৰাঝাৰ আৰক্ষীয়ে ভুৱা তথ্যৰ ভিক্তিত কৰা হত্যাকাণ্ডৰ শ্বহীদ পৰিয়ালক অতিশীঘ্ৰেই ক্ষ্যতিপুৰণ হিচাপে  সংস্থাপন দিবলৈ আহ্বান জনোৱাৰ লগতে বড়োভূমিত পুনৰ যাতে  হিংসাত্মক ঘটনা সংঘটিত বা অস্ত্ৰধাৰী সংগঠনৰ উদ্ভাৱন নহয় তাৰ প্ৰতি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক সুক্ষ্ম দৃষ্টি ৰাখিবলৈ শ্বহীদ পৰিয়াল সন্থাই সংবাদযোগে আহ্বান জনাই।

Leave A Reply