Breaking

কনফেডাৰেছন অব ইণ্ডিয়ান ইণ্ড্ৰাষ্টিজৰ ১২৫ বছৰীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী : পুনৰ শক্তিশালী হৈ উঠিব দেশৰ উদ্যোগ প্ৰতিষ্ঠান ।

0 53

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ

দেশৰ উদ্যোগ প্ৰতিষ্ঠানবোৰ পুনৰ শক্তিশালী হৈ উঠিব৷ এই কথা উল্লেখ কৰিছে কনফেডাৰেছন অব ইণ্ডিয়ান ইণ্ড্ৰাষ্টিজ (চিআইআই)ৰ ১২৫ বছৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষণত৷ এই কামত চিআইআইক আগুৱাই আহিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷ আন্তৰ্জাতিক ক্ষেত্ৰত দেশৰ উদ্যোগ প্ৰতিষ্ঠানবোৰক উৎপাদনৰ কথা লক্ষ্য কৰিবলৈ কয় প্ৰধানমন্ত্ৰীয়ে৷ ইয়াৰ লগতে আন দেশৰ কৌশলগত সম্পর্ক বজায় ৰাখিবলৈ কয়৷ দেশত প্ৰথম পৰ্যায়ত লকডাউন আৰম্ভ হোৱাৰ পৰা ইয়াত প্ৰথম অৰ্থনীতিক লৈ বক্তব্য ৰাখিলে প্ৰধানমন্ত্ৰীয়ে৷ আত্মনিৰ্ভৰ দেশ গঢ়ি তুলিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় চৰকাৰ আপোনালোকৰ লগত আছে৷ প্রধানমন্ত্রী গৰিব কল্যাণ যোজনাত ৭৪ কোটি মানুহে সুবিধা পাইছে বুলি মোডীয়ে উল্লেখ কৰি কয় এই সংকটৰ সময়ত ভাৰতে ১৫০ খন দেশক চিকিৎসাৰ সৰঞ্জাম দি সহায় কৰিছে৷ কয়লা ক্ষেত্ৰক বেচৰকাৰীকৰণ কৰা হৈছে আৰু বিভিন্ন বিনিয়োগৰ পথ খোলা হৈছে৷ কৃষকে অধিকাৰ ঘুৰাই পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত সকলো ফচল বিক্ৰী কৰিব পাৰিছে কৃষকসকলে৷ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সংজ্ঞা সলনি কৰা হৈছে৷ সুনিৰ্দিষ্ট পৰিকল্পনাৰে সংস্কাৰ কৰা হৈছে বুলি মোডীয়ে কয় যে ৫০ কোটি মানুহক ইপিএখ কনট্ৰিবিউচন আৰু ৫০ হাজাৰ কোটিৰ অধিক লোকক আৰ্থিক সাহায্য দিয়া হৈছে৷ তদুপৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ কৰা হ’ব আৰু অৰ্থনীতি শক্তিশালী কৰা হ’ব৷

Leave A Reply