Breaking

২০২১ত বন্দী কলং মুক্ত হ’ব,নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়াৰ সপোন পূৰ্ণ হ’ব : জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

0 100

কলিয়াবৰ

“২০২১ত বন্দী কলং মুক্ত হ’ব, নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়াৰ সপোন পূৰ্ণ হ’ব।” এই মন্তব‍্য জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ। কলিয়াবৰ তথা নগাঁও জিলাবাসীৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে আগবাঢ়িছে। কলিয়াবৰ মহকুমাৰ ব্ৰহ্মপুত্ৰৰ আৰিকাটিৰ পৰা অবিভক্ত নগাঁও জিলাৰ মাজেৰে বৈ গৈ  কলং সুঁতি পুণৰ ব্ৰহ্মপুত্ৰৰ কাজলীমুখলৈকে প্ৰায় ২৫০ কিলোমিটাৰ এই দৈৰ্ঘ‍্যৰ নদীখন কলিয়াবৰৰ উৎপত্তি স্থানৰ পৰা চাপৰমুখলৈকে চূড়ান্তভাৱে প্ৰদূষিত৷ ১৯৬৪ চনত নগাঁও নগৰক কলঙৰ বান পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত মথাউৰি নিৰ্মাণেৰে এখন জীৱিত নদীক হত‍্যা কৰা হৈছিল। পিছৰ বছৰেই এই মথাউৰিটো ভাঙি নিয়াত পুণৰ নিৰ্মাণ কৰা মথাউৰিটো ১৯৭৩ চনত ব্ৰহ্মপুত্ৰই খহাই লৈ যায়। সেই সময়তে কলঙক বোৱাই নিবলৈ এক প্ৰচেষ্টা আৰম্ভ হৈছিল। সেয়ে ১৯৭৪ চনত ১৪৪ ধাৰা বলৱৎ কৰিহে বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চৰকাৰে নিৰ্মাণ কৰিবলগীয়া হৈছিল। সমান্তৰালকৈ এটা পক্ষই কলংখনক বোৱাই নিয়াৰ বাবে এক নিৰৱ চেষ্টা চলাই গ’ল। বোৱতী পানীৰ অভাৱত কলংখন দিনে-দিনে প্ৰদুষিত হ’বলৈ ধৰিলে। কলং বন্ধ হোৱাৰ চল্লিশ বছৰৰ পিচত ২০১৩ চনৰ ডিচেম্বৰ মাহৰ ১৭ তাৰিখে তদানীন্তন কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই বিধান সভাত কলঙক পুণৰ বোৱাই নিয়াৰ এক প্ৰস্তাৱ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰি এক আঁচনি প্ৰস্তুত কৰে। কিন্তু নগাঁৱৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ কু-চক্ৰান্তত নগাঁও নগৰৰ মাজেৰে বৈ যোৱা কলং সুঁতিৰ কিছু অংশ অকৰ্তৃত্বশীলভাৱে সৌন্দৰ্য‍বৰ্ধন কৰাত পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৰোষত পৰে। কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই নতুন চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ লগে লগে কলংপৰীয়া ৰাইজ বিশেষকৈ কলিয়াবৰীয়া ৰাইজৰ মনত আশাৰ সঞ্চাৰ হয়। সেই উদ্দেশ‍্যে অসম চৰকাৰে ২১ ফেব্ৰুৱাৰী, ২০১৭ তাৰিখে এক জাননীৰ জৰিয়তে কলং পুণৰুজ্জীৱিতকৰণৰ প্ৰাৰম্ভিক কামকাজৰ বাবে দহ কোটি টকা মুকলাই দিয়ে। জলসম্পদ মন্ত্ৰীৰ তৎপৰতাত “কলং পুণৰুজ্জীৱিতকৰণ আঁচনি”য়ে গতি লাভ কৰে। ২০১৭ চনত গুৱাহাটী আই আই টি অধ‍্যাপক চন্দন মহন্তৰ অধ‍্যক্ষতাত গঠিত বিশেষজ্ঞ সমিতিয়ে যাৱতীয় অধ‍্যয়ন আৰু নিৰীক্ষণৰ অন্তত ৪ জুলাই তাৰিখে কলং সুঁতিক পুনৰ বোৱাই নিয়াৰ বাবে এক প্ৰকল্প প্ৰস্তুতকৰণৰ বাবে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ সৈতে বিশেষজ্ঞ সমিতি আলোচনাত মিলিত হৈছিল। পৰৱৰ্তী মাহৰ ৫ আগষ্ট তাৰিখে “কলং পুণৰুজ্জীৱিতকৰণ আঁচনি”ৰ প্ৰকল্প প্ৰতিবেদন অৰ্পনো কৰিছিল। কিন্তু তাৰ পিছৰ সপ্তাহতে কলং মুখৰ মথাউৰি খহাই নিয়াত সমগ্ৰ কলিয়াবৰ ৪৫ বছৰৰ পিছত ভয়ঙ্কৰ বানত পৰে। ফলত কলং পুণৰুজ্জীৱিতকৰণ বিষয়টো তল পৰে। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ “স্বাক্ষৰ প্ৰকল্প” কলং পুণৰুজ্জীৱিতকৰণ আঁচনি” ৰূপায়ণৰ বাবে ভাৰত চৰকাৰৰ অনুমোদিত দিল্লীস্থ “ৱাটাৰ পাৱাৰ কন্সাল্টেন্সী ছাৰ্ভিচ” চমুকৈ “ৱাপকচ”ৰ সৈতে অসম চৰকাৰৰ জল সম্পদ বিভাগৰ সৈতে বুজাবুজিত উপনীত হৈছিল‌‌। সেই উদ্দেশ‍্য আগত ৰাখি কেইবালানিও জৰীপৰ অন্তত কলঙক বোৱাই নিয়াৰ আঁচনিৰ চূড়ান্ত ৰূপ দিয়ে যদিও প্ৰাৰম্ভিক পৰ্য‍ায়ৰ কাম আৰম্ভ নৌহওতেই ক’ৰোনাৰ সন্ত্ৰাসে বিধি-পঠালি দিয়ে। কিন্তু এতিয়া অসম চৰকাৰৰ উন্নয়নমূলক ‘লকডাউন’ৰ শিথিলতাৰ জৰিয়তে আগবঢ়াই নিয়াৰ সিদ্ধান্তৰ ফলত উজ্জীৱিত কলঙৰ সপোন পূৰ্ণৰ দিশত জলসম্পদ বিভাগ আগবাঢ়িছে। শনিবাৰে তাৰেই ইঙ্গিত দিলে অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই। কলিয়াবৰ সমষ্টিৰ ৰাইজৰ মাজত খাদ‍্য-সামগ্ৰীৰ ধাৰাবাহিক বিতৰণৰ শনিবাৰে ত্ৰয়োদশ দিনা লুইতৰ পাৰৰ হাতীমূৰাত উপস্থিত হৈ খাদ‍্য সামগ্ৰী বিতৰণৰ মাজতে সাংবাদিকৰে হোৱা বাৰ্তালাপৰ সময়ত বোৱতী কলঙৰ সপোন অহা ২০২১ বৰ্ষৰ বাৰিষা সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে। কলঙৰ মুখ নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়া কাৰ্য‍ অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’লে প্ৰকৃতিপ্ৰেমীৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ব। যোৱা দুবছৰীয়া স্তব্ধতাৰ অন্তত আৰম্ভ হোৱা বোৱতী কলঙৰ বিষয়টোৱে পুনৰ প্ৰাণ পাই উঠাত আনন্দিত কলিয়াবৰবাসীৰ লগতে অবিভক্ত নগাঁও জিলাবাসী। আনহাতে, কলিয়াবৰ পৰ্য‍টনক গতিশীলতা দিয়াৰ উদ্দেশ‍্যেৰে কলিয়াবৰত চলি থকা উন্নয়নমূলক কাৰ্য‍ত বিশেষ সহযোগিতা আগবঢ়াইছে ৰাজ‍্যৰ প্ৰত্নতত্ব বিভাগে। ৰাজ‍্যৰ প্ৰত্নতত্ব আৰু স্থাপত‍্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ উন্নয়নৰ বিশেষ আঁচনি গ্ৰহণ কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰত হাতীমূৰা পাহাৰতে অষ্টম-নৱম শতিকাত মহিষমৰ্দ্দিনী দুৰ্গাৰ মূৰ্তিটি এটা হাতী মূৰ সদৃশ শিলত কটাই এই মন্দিৰ স্থাপন কৰিছিল। উক্ত মন্দিৰ ধ্বংস হোৱাত আহোম যুগত শ্ৰীশ্ৰীপ্ৰমত্তসিংহ স্বৰ্গদেৱে পুনৰ নিৰ্মাণ কৰি এখন শিলালিপি কটাই দিয়ে। ১৭৪৫ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই পুনৰ নিৰ্মাণ কৰা হাতীমূৰাৰ দূৰ্গা মন্দিৰতেই পালিত হৈ আহিছে দুৰ্গা পূজা নিৰৱে নিৰলে। কিন্তু প্ৰত্নতত্ব আৰু স্থাপত‍্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ তৎপৰতাত কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ উন্নয়নৰ জৰিয়েতে পৰ্য‍টনৰ কেন্দ্ৰ বিন্দু ৰূপে কলিয়াবৰক তুলি ধৰাৰ প্ৰয়াস কৰিছে। ইতিমধ‍্যে হাতীমূথা মন্দিৰ সংযোগী পথৰ মেৰামতিৰ লগতে মন্দিৰৰ পাদদেশত সৌন্দৰ্য‍বৰ্দ্ধনৰ কাম-কাজ লকডাউনৰ মাজতে যুদ্ধগতি ক্ষিপ্ৰতাৰে আগবাঢ়িছে। এখনি প্ৰত্নতত্ব উদ‍্যানৰ কামো সমান্তৰালকৈ চলি আছে। সামগ্ৰীকভাৱে প্ৰত্নতত্ব আৰু স্থাপত‍্য বিভাগৰ আঁচনিসমূহ সম্পূৰ্ণ হ’লেই কলিয়াবৰ অসম পৰ্য‍টনৰ  এক আকৰ্ষণীয় কেন্দ্ৰ বিন্দু হ’ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই।

Leave A Reply