Breaking

বিশিষ্ট সমাজকৰ্মী, অভিনেতা , শিক্ষক যতীন্দ্ৰনাথ নেওগৰ মৃত্যু ।

0 1,591

পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট

যোৰহাট বৰখঙীয়া গাঁৱৰ নিবাসী তথা বিশিষ্ট সমাজকৰ্মী , সু-বক্তা , অভিনেতা, শিক্ষক যতীন্দ্ৰনাথ নেওগৰ যোৱা নিশা প্ৰায় ডেৰ বজাত নিজা বাসগৃহত মৃত্যু হয়। শংকৰী সংস্কৃতিৰ আজীৱন সাধক যতীন্দ্ৰ নাথ নেওগৰ  মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ পশ্চিম যোৰহাটত ৷ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত নেওগ প্ৰায় আঠ মাহ ধৰি কৰ্কটৰোগত আক্ৰান্ত হৈ আছিল ৷ উল্লেখ্য যে প্ৰয়াত নেওগ এগৰাকী আদৰ্শৱান শিক্ষকৰ উপৰিও সমাজ সংগঠক হিচাপে বহু অনুষ্ঠানৰ লগত জড়িত আছিল ৷শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একান্ত সেৱক হিচাপে থাকি খঙীয়া প্ৰাথমিক শাখাৰ একাধিকবাৰ সভাপতি-সম্পাদক , পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ আঠটা বছৰ সম্পাদক, যোৰহাট জিলা সাহিত্য শাখাৰ সভাপতি-সম্পাদক, প্ৰচাৰ আৰু সহকাৰী সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল ৷ শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলাৰ উপ- সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল ৷ কেবাখনো গ্ৰন্থ সম্পাদনা কৰা প্ৰয়াত নেওগে জন্মস্হলী বৰখঙীয়াত ৰূপজ্যোতি পুথিভঁৰালৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু বৰখঙীয়া বৰনামঘৰ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ অঞ্চলটোত মঞ্চ নাটকৰ এগৰাকী গুৰুৰূপে জনপ্ৰিয় এই বিশিষ্ট ব্যক্তিজনৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে আজি পুৱতি নিশা অসংখ্য লোকৰ সমাগম হয় বাসগৃহত ৷ মৃতদেহ শ্মশানলৈ নিয়াৰ পূৰ্বে এক আনুষ্ঠানিকতাৰে শেষ শ্ৰদ্ধাঞ্জলি জনায় –  দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰখঙীয়া উচ্চমাধ্যমিক বিদ্যালয় , যোৰহাট জিলা সূত সন্মিলন, বৰখঙীয়া বৰনামঘৰ , অনুজ সাহিত্য-সংস্কৃতি গোষ্ঠী, শ্ৰীমন্তশঙ্কৰদেৱ সংঘ যোৰহাট জিলা , ৰূপজ্যোতি পুথিভঁৰাল, শ্ৰীশ্ৰী মাধৱদেৱ প্ৰাঃ বিঃ, পশ্চিম যোৰহাট শাখা সাহিত্য সভা, ম’হবন্ধাৰ শ্যামলী শাখা সাহিত্য সভাই।আনহাতে শ্যামলী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা মাহেকীয়া আলোচনী”দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাসেও যতীন্দ্ৰ নাথ নেওগৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মন কৰিব লগা যে সকলোৰে প্ৰিয় প্ৰয়াত নেওগে মৃত্যুৰ সময়ত পত্নী, শিক্ষক পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে ককাই-ভাই বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায় ৷

Leave A Reply