Breaking

নাজিৰাত নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ অব্যাহত…

0 47

যোৱা ২৬ আগষ্টতে নাজিৰা আদৰ্শ আৰক্ষী থানাত তদানিন্তন নাজিৰা মহকুমা আৰক্ষী বিষয়া তথা সদ্য নিলম্বিত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই তেখেতৰ নাজিৰাৰ আৱাস গৃহত বনকৰা মহিলা অনিমা প্ৰজাক গাত গৰম পানী ঢালি,শৰিৰীৰ বিভিন্ন অংশত ভূত জলকীয়া খানি আৰু শাৰিৰীক ভাৱে প্ৰহাৰ কৰাৰ উপৰি প্ৰস্ৰাৱ গাৰত দোৱাৰ বন্ধ কৰি পৈশাচিক নিৰ্যাতন চলোৱাৰ অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল যদিও আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰি আইনী শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হোৱা নাই ।

যাৰ বাবে বিভিন্ন সময়ত আটছা , অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি জাতীয় মহাসভা , অসম চাহ জনজাতি জাতীয় মহিলা পৰিষদ তথা চাহ শ্ৰমিক ৰাইজে শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আজিও আটছা আৰু অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাই শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক আইনী শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীত নাজিৰা মহকুমাৰ সৰ্বমুঠ ২২ খন চাহ বাগিচাৰ এলেকাত ধৰ্ণা আৰু শুভলক্ষ্মী দত্তৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

শুভলক্ষ্মী দত্তক শীৰ্ঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক আইনী শাস্তি প্ৰদান কৰিব নোৱাৰিলে নৈতিকতা স্বীকাৰ কৰি ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাই প্ৰতিবাদী চাহ শ্ৰমিক সংগঠন আৰু ৰাইজে ।

সহস্ৰাধিক চাহ শ্ৰমিকে শুভলক্ষ্মী দত্তৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম আৰক্ষী কাম নাই, গৃহ বিভাগ হায় হায়, অনিমা প্ৰজাক ন্যায় দিব লাগিব,অসম চৰকাৰ হায় হায় ইত্যাদি শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক ৰাইজে।
নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপ’ৰ্ট ।।

Leave A Reply