Breaking

অসম মীন আইন -১৯৫৩ আৰু অসম মীন নীতিৰ প্ৰয়োজনীয় সংশোধনৰ ব্যৱস্থা

0 2,181

গুৱাহাটীৰ লাষ্টগেটস্থীত লোকনিৰ্মান প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত এক সংবাদমেলত মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিগত ১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে মীন আৰু আবকাৰী বিভাগে ৰূপায়ন কৰা বিভিন্ন আচঁনি আৰু ইয়াৰ ফলাফল সমূহৰ বিষয়ে অৱগত কৰে ।

সংবাদমেলখনত মন্ত্ৰী গৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি মাছ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্য খনে ২০১৫-১৬ৰ পৰা ২০১৯-২০ বৰ্ষলৈ ২৬.৮৭ শতাংশলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । মাছৰ পোনা উৎপাদন ২০১৫-১৬ৰ পৰা ২০১৯-২০ বৰ্ষলৈ ৬৭.৬৫ শতাংশলৈ বৃদ্ধি হৈছে ।

বিগত চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰৰ সাহায্যত ৰূপায়িত ‘ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ’ আদি আঁচনিৰ জৰিয়তে ৰাজ্য খনত প্ৰায় ১২৫০০ ব্যাক্তিগত আৰু ৰাজহুৱা নতুন পুখুৰী নিৰ্মাণ কৰি মাছ পালন কৰি থকা হৈছে ।

‘ৰাজ্যৰ প্ৰায় ১৪০০০০ মাছমৰীয়াক বিনামূলীয়া জীৱন বীমাৰ সুবিধা আগবঢ়োৱা হৈছে । খচৰা ৰাজ্যিক মীন নীতি চুড়ান্ত হৈ উঠিছে আৰু মহামান্য অসম কেবিনেটৰ অনুমোদন পোৱাৰ পৰ্যায়ত আছে । অসম মীন আইন -১৯৫৩ আৰু অসম মীন নীতিৰ প্ৰয়োজনীয় সংশোধনৰ ব্যৱস্থা চলি আছে ।’ : মন্ত্ৰী পৰিমল শুক্লবৈদ্য

‘২০১৮ চনৰ ১৫ জুনত চৰকাৰী অধিসূচনা মৰ্মে ‘ফিছফেড’ৰ প্ৰশাসনিক কৰ্তৃত্ব মীন বিভাগলৈ হস্তান্তৰ হোৱাৰ পিছত মহানগৰীত সমবায় সমিতিসমূহৰ স্থানীয় উৎপাদিত মাছ মধ্যভোগী ব্যতিৰেকে বিপণনৰ ব্যৱস্থা আৰম্ভ আৰু বছৰি নাৰ্য্যমূল্যত প্ৰায় ৪৫,০০০ কেজি মৎস বিপণন সুনিশ্চিত কৰা হয় । পৰৱৰ্তী সময়ত ‘ফিছফেড’ৰ বিপণন পৰিক্ৰমা শক্তিশালী কৰাৰ লগতে ঘৰে ঘৰে অত্যাধুনিক এপ ব্যৱহাৰ কৰি মৎস্য যোগানৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়াৰ লগতে ২১ নৱেম্বৰত নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ব মৎস্য দিৱসৰ কাৰ্যসূচীত ‘ফিছফেড’লৈ উত্তৰ-পূৱ আৰু পাহাৰীয়া ৰাজ্য শিতানত শ্ৰেষ্ঠ নিকায়ৰ বটা লাভ কৰে বুলি মন্তব্য কৰে ।‘

আনহাতে, আবকাৰী বিভাগ সম্পৰ্কত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জনোৱা অনুসৰি ‘ কেইবাটাও ধাৰাৰ অধীনত জৰিমনা ব্যৱস্থা অধিক কঠোৰ আৰু কাৰ্যকৰী কৰাৰ বাবে ২০১৮ চনত সংশোধন কৰা অসম আবকাৰী আইন ২০০০ । আবকাৰী বিভাগক আবকাৰী আইন উলংঘন আৰু আবকাৰী অপৰাধ বোৰ যথেষ্ট পৰিমাণে প্ৰতিহত আৰু নিয়ন্ত্ৰন কৰাত সহায় কৰিছে ।’

Leave A Reply