Breaking

প্ৰতীক্ষা আৰু উদমাৰি কানাড়া বেংকৰ যৌথ উদ্যোগত কুইজ প্ৰতিযোগিতা…

0 54


নগাঁও জিলাৰ জুৰীয়া শিক্ষাখম্ডৰ অন্তৰ্গত ইউনিটেৰিয়ান জাতীয় বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি স্বাধীনতা দিৱস উপলক্ষে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

বে-চৰকাৰী সংস্থা প্ৰতীক্ষা আৰু উদমাৰি কানাড়া বেংকৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় বুলি কানাড়া বেংকৰ মেনেজাৰ অজয় কুমাৰে আমাক জানিব দিয়ে । আগন্তুক স্বাধীনতা দিৱসৰ বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা এই কুইজ প্ৰতিযোগিতাত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰে ।

জাতীয় বিদ্যালয়ৰ শিক্ষক ইক্ৰামূল হক আৰু শিক্ষয়িত্ৰী কংকনা কোঁচে পৰিচালনা কৰা কুইজ প্ৰতিয়োগিতাত দশম শ্ৰেণীৰ আজহাৰ উদ্দিনৰ দলে প্ৰথম স্থান, দশম শ্ৰেণীৰ আকিব আক্ৰামৰ দলে দ্বিতীয় আৰু আৰজুমা খাতুনৰ দলে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় বুলি উদ্যোক্তা সকলৰ হৈ বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে আমাক জানিবলৈ দিয়ে । বটা বিতৰণী সভাত বেংকৰ মেনেজাৰ উপস্থিত থাকিব নোৱাৰাত প্ৰতীক্ষা ৰ উপদেষ্টা তৈয়াবুৰ ৰহমানে প্ৰথম স্থান প্ৰাপ্ত সকলক নগদ ৫০০ টকা লগতে ট্ৰফী দ্বিতীয় স্থান প্ৰাপ্ত সকলক নগদ ৩০০ টকা লগতে ট্ৰফী আৰু তৃতীয় স্থান প্ৰাপ্ত সকলক নগদ ১০০ টকা লগতে ট্ৰফী দি ছাত্ৰ-ছাত্ৰীসকলক উত্সাহিত কৰা দেখা যায় ।

Leave A Reply