Breaking

মাজবাটত ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ ধন সংগ্ৰহ

0 2,033

কেইবাদিন ধৰি সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ গাঁও অঞ্চল সমূহত প্ৰৱেশ কৰি ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰাৰ ঘটনাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক শলঠেকত পেলৈছিল । চাৰিফালে ইয়াক লৈ ব্যাপক চৰ্চা হোৱাত কেইবাটাও বাতৰি কাকতেই এই সংক্ৰান্তত বাতৰি পৰিবেশন কৰিছিল ।তথাপিও  কৰোণাৰ দৰে মাৰাত্মক মহামাৰীৰ ফলত সৰ্বসাধাৰণ ৰাইজ আৰ্থিক ভাৱে জুৰুলা হোৱা সময়ত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধনৰ পৰিবৰ্তে এটা ঘৰৰ পৰাই ঘৰ নম্বৰ দিয়াৰ বাবদ ১০০ টকাৰ পৰা ২০০ /৩০০ টকাকৈ  সংগ্ৰহ কৰা কাম অব্যাহত থকাত চিন্তিত হৈছে মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজ । মাজবাটৰ বিজেপি  যুৱ নেতা কিশোৰ শৰ্মায়েও ৰাইজক অসুবিধাত পেলাই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াতকৈ অধিক ধন সংগ্ৰহ কৰি কৰি অহাত দুখ প্ৰকাশ কৰি নিয়ম মতে কাম কৰিবলৈ আহ্বান জনাইছে ।অন্যথা ইয়াৰ উচিত বিচাৰ কৰা হব বুলিও যুৱ নেতা কিশোৰ শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

Leave A Reply