Breaking

প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পকী নলা নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি

0 1,629

তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩ নং উদয়পুৰত প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথৰ কাষৰ পকী নলা নিৰ্মাণত সংঘটিত হৈছে অনিয়ম। ৩ নং উদয়পুৰৰ কুঁহিয়াৰ বাৰী কথাগাঁও সংযোগী পথৰ কাষৰ পকী নলা নিৰ্মাণত হোৱা এই অনিয়ম পোহৰলৈ আহিছে। প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ ২০১৯-২০২০ বৰ্ষত নিৰ্মাণ আৰম্ভ হোৱা পথটোৰ বৰ্তমানে চলি আছে  পথটোৰ কাষৰ পকী নলা নিৰ্মাণৰ কাম। যোৱা ২০/৬/২০ তাৰিখে সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱে আধাৰশিলা স্থাপন কৰা উক্ত পথটোৰ নিবিদা লাভ কৰিছিল নামৰূপৰ গোপাল ছেত্ৰী নামৰ ঠিকাদাৰ জনে। কামৰ ঠাইত  ঠিকাদাৰ জনে চোৱা চিতা কৰাৰ বাবে কোনো ধৰণৰ সম্যক জ্ঞান নথকা জনৈক ভানু নামৰ লোক এজনক দায়িত্ব অৰ্পণ কৰি নলা নিৰ্মাণৰ কাম চলাই নিছে।ৰাইজৰ অভিযোগ অনুসৰি কাম চলি থকা ঠাইত গোপাল ছেত্ৰী নামৰ ঠিকাদাৰ জন প্ৰায় উপস্থিত নেথাকে।

নলাটো নিৰ্মাণ কৰোতে যিমান পৰিমাণৰ ৰদ,শিল,বালি, চিমেন্ট ব্যৱহাৰ কৰিব লাগে সেই ধৰণে ব্যৱহাৰ নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নলাটো নিৰ্মাণ কৰোতে দুয়োপাৰে এডাল এডাল আৰু তলত এডাল কৈ ৰদ দিয়েই নীতি বহিৰ্ভূত ভাবে কাম চলাই নিয়া হৈছে তাৰোপৰি থিয়কৈ দিব লগা ৰদ সমূহো হিচাপতকৈ বহু দূৰে দূৰে দিয়া হৈছে। ৰাইজৰ অভিযোগ অনুসৰি নলাটো নিৰ্মাণৰ ক্ষেত্ৰত ভঙা শিলগুটি ব্যৱহাৰ কৰিব লাগে যদিও তাকে নকৰি নৈৰ পৰা তুলি অনা চেণ্ড গ্ৰেভেল ব্যৱহাৰ কৰি নিৰ্মাণ কার্য চলাই থকা হৈছে।এই বিষয়ে সঠিক ভাৱে তথ্যখিনি  জনাৰ বাবে ঠিকাদাৰ গৰাকীৰ পৰা কামৰ সবিশেষ সন্নিবিষ্ট এষ্টিমেট চাব বিচৰাত তেখেতে তথ্যখিনি দিয়াৰ পৰা বিৰত থাকে।ইয়াৰোপৰি স্থানীয় ৰাইজে নলা নিৰ্মাণৰ কামটো নিম্ন মানৰ আৰু অনিয়ম হোৱাৰ অভিযোগ কৰিছে যদিও ঠিকাদাৰ জনে নিজ মৈমতালিৰে নিৰ্মাণ কাৰ্য্য চলাই নিয়া দেখা গৈছে। ঠিকাদাৰ জনৰ এনে কৰ্মকাণ্ডত ৰাইজ ক্ষুন্ন হৈ পৰাৰ লগতে বিভাগীয় তদন্ত নহলে নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰে।এনে ধৰণৰ অনিয়মৰ ক্ষেত্ৰত হবনে বিভাগীয় তদন্ত?নে এনে ধৰণেই চলি থাকিব ৰাজ্য খনৰ উন্নয়ন মূলক কাম-কাজ সমূহ।

Leave A Reply