Breaking

বতৰৰ দ্ৰুত পৰিৱৰ্তন! উৎকট গৰমে দহিব আপোনাক, বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট…

0 32

বিগত কিছুদিনৰ পৰা সমগ্ৰ দেশতে বতৰৰ দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। হঠাৎ বৰযুণ আৰু হঠাৎ ৰ’দ, বতৰৰ এনে আকস্মিক পৰিৱৰ্তনে মানুহৰ দৈনন্দিন জীৱনতো প্ৰভাৱ পেলাইছে। বিগত দিন ধৰি হোৱা শিলাবৃষ্টিৰ ফলত মানুহৰ যথেষ্ট ক্ষয়-ক্ষতি হৈছে। ইয়াৰ প্ৰভাৱ অসমতো বাৰুকৈয়ে প্ৰভাৱ পৰিছে।

আনহাতে আই এম ডিয়ে শনিবাৰে জনোৱা মতে, উপদ্বীপ আৰু পূব ভাৰতৰ কিছু অংশত আগন্তুক দুদিনলৈ গৰমৰ হোৱাৰ সম্ভাৱনা। ওড়িশা, পশ্চিম বংগ, ঝাৰখণ্ড, বিদৰ্ভ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত উৎকট গৰম হ’ব পাৰে।

কোনো কোনো স্থানত সৰ্বোচ্চ উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক আৰু পাহাৰীয়া অঞ্চলৰ বাবে ৩০ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক হ’ব পাৰে।

শনিবাৰে উত্তৰ প্ৰদেশৰ কিছুমান স্থানত আৰু বিহাৰ, গুজৰাট অঞ্চল, মধ্য মহাৰাষ্ট্ৰ, পশ্চিম বংগ আৰু ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিচ্ছিন্ন স্থানত নূন্যতম উষ্ণতা স্বাভাৱিকতকৈ ৩-৫ ডিগ্ৰী চেলছিয়াছ।

শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ নন্দিয়ালত সৰ্বোচ্চ উষ্ণতা ৪৩.৭ ডিগ্ৰী চেলছিয়াছ। অন্ধ্ৰপ্ৰদেশৰ ভুৱনেশ্বৰ আৰু কুৰ্ণুলত তাপমাত্ৰা ৪৩.৫ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। এএনআইৰ শনিবাৰৰ প্ৰতিবেদন অনুসৰি গৰমৰ লগত জড়িত ৰোগৰ বাবে ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত ৮ জন লোকক ভৰ্তি কৰা হৈছে।

শনিবাৰৰ পৰা ১০ এপ্ৰিললৈকে কেৰালা আৰু মহাৰাষ্ট্ৰ, সৌৰাষ্ট্ৰ আৰু কুচৰ উপকূলীয় অঞ্চলৰ ওপৰত গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিৰ সম্ভাৱনা আছে। শনিবাৰে ওড়িশা আৰু পশ্চিম বংগত, শনিবাৰ আৰু দেওবাৰে উপকূলীয় কৰ্ণাটক আৰু কংকন আৰু গোৱাত আৰু দেওবাৰৰ পৰা ১০ এপ্ৰিললৈকে উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু য়ানাম আৰু ৰায়ালাসীমাত একেধৰণৰ বতৰৰ সম্ভাৱনা আছে।

Leave A Reply