Breaking

৪২ টাকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোৱৰ সংঘৰ্ষত মৃত্যুৰ প্ৰতিক্ৰিয়া অব্যাহত : চাৰিদিনৰ পিছতো সন্ধান নাই আনজন অভিযুক্তৰ

0 1,024

বিগত সময়ত সমগ্ৰ ৰাজ্য কপাই তোলা ৪২ টাকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোৱৰৰ এক সংঘৰ্ষত নাজিৰা মহকুমাৰ গেলেকী আৰক্ষীৰ গুলীত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজি চাৰিদিন উকলি যোৱাৰ পিছতো সমগ্ৰ জিলাখনত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । বহুজন নিৰীহক অতি শীতল মস্তিষ্কৰে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা দুধৰ্ষ হত্যাকাৰী তথা নৰখাদক চুপাৰি কিলাৰ বুবু কোৱৰৰ হৃদস্পন্দন স্তব্ধ কৰি দিছিল মাত্ৰ এটা বুলেটে । কাৰণবিহীন ভাৱে ১৫ হাজাৰৰ পৰা ২ লাখ টকা পৰ্যন্ত চুপাৰি লৈ এগৰাকীৰ পিছত সিগৰাকী নাৰীৰ শিৰৰ সেন্দুৰ মচি অনা বুবুৰ দৰে নৰখাদকৰ হৃদস্পন্দন মাত্ৰ এটা বুলেটৰ আঘাটত স্তব্ধ হৈ পৰাৰ চাঞ্চল্যকৰ তথ্য সদৰী হৈছে ।  জয়সাগৰস্থ শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ত মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সময়ত বুবু কোৱৰৰ শৰীৰৰ পৰা বাহিৰ হৈছে এটা নাইন এম এম পিষ্টলৰ বুলেট । পিঠিয়েদি সোমোৱা গুলী ভেদ কৰিছিল কলিজা । ইয়াৰ উপৰি পিঠিৰ ফালে তিনিটা আঘাটৰ চিহ্ন আছিল যদিও মৰনোত্তৰ পৰীক্ষাৰ সময়ত এটা গুলী উদ্ধাৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে । ইফালে শিৱসাগৰ আৰক্ষীয়ে এক সংঘৰ্ষৰ অন্তত বুবু কোৱৰৰ মৃত্যু হৈছে বুলি দাবী কৰিছে যদিও বুবুৰ শৰীৰৰ পৰা এটা বুলেট উদ্ধাৰ আৰু তিনিটা আঘাতৰ চিহ্নই সমগ্ৰ ঘটনাক্ৰমক সময় অতিবাহিত কৰাৰ লগে লগে অধিক ৰহস্যঘন কৰি তুলিছে । একে সময়তে বুবু কোৱৰৰ সৈতে একেখন স্কুটীতে অহা আন এজন যুৱকো সংঘৰ্ষৰ মাজতে পলায়ন কৰিছিল বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যদিও ঘটনা সংঘটিত হোৱাৰ চাৰিদিনৰ পিছতো দ্বিতীয় জন পলায়ন ব্যক্তিৰ কোনো সন্ধান আৰক্ষীয়ে লাভ নকৰাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । ভৌগোলিক ভাৱে চাৰিওফালে ওখ টিলাৰে আৱৰা তথা বোকাময় উক্ত সংঘৰ্ষস্থলীৰ পৰা সংঘৰ্ষৰ মাজতে দ্বিতীয় এজন ব্যক্তি পলায়ন কৰাতো জনগণে সহজে মানি ল’ব পৰা নাই । যাৰ বাবে বিভিন্ন মহলে প্ৰকৃততে এয়া সংঘৰ্ষ নে হত্যা তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। কিয়নো ৰাজ্যৰ সবাটোকৈ নৰখাদক ৰূপী এটা কুখ্যাত অপৰাধীৰ সংঘৰ্ষত মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে সংঘৰ্ষস্থলীৰ ফটো , ভি ডি অ’ সংগ্ৰহৰ বাবে স্থানীয় সংবাদসেৱীৰ সৈতে যোগাযোগ কৰিব লাগিছিল । কিন্তু ইয়াৰ বিপৰীতে গেলেকী অথবা শিৱসাগৰৰ প্ৰতিজন আৰক্ষী বিষয়াই সেই সময়ৰ পৰা প্ৰায় এঘণ্টা ধৰি সম্পূৰ্ণ ৰূপে সংবাদকৰ্মীৰ ফোন ধৰাৰ পৰা ৰহস্যজনক ভাৱে বিৰত আছিল । অৱশেষত বুবু কোৱৰৰ মৃতদেহ গেলেকী স্বাস্থ্য কেন্দ্ৰলৈ অনাৰ পিছতহে আৰক্ষীয়ে সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰিছিল । যাৰ ফলত সংবাদ মাধ্যমে ঘটনাস্থলীৰ কোনো ফটো , ভি ডি অ’ সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল । আন নালাগে ঘটনাৰ চাৰিটা দিনৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে ঘটনাস্থলীৰ কোনো ফটো , ভি ডি অ’ ৰাজহুৱা নকৰাৰ ঘটনাই অনেক প্ৰশ্নৰ সৃষ্টি কৰিছে । যিহেতু বিগত সময়ত শিৱসাগৰত মাজনিশা সংঘটিত সংঘৰ্ষৰ পিছতো সংবাকৰ্মীক সংঘৰ্ষস্থলীলৈ নি সংবাদ সংগ্ৰহত সুবিধা দিয়ে । ইয়াৰ বিপৰীতে শিৱসাগৰ আৰক্ষীয়ে প্ৰায় ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ এক স্থানত সংঘৰ্ষ হ’ল বুলি দাবী কৰাৰ বিপৰীতে সংঘৰ্ষৰ প্ৰকৃত স্থানটো কিয় সংবাদ কৰ্মীক পৰৱৰ্তী সময়ত প্ৰত্যক্ষ নকৰানে তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে । বুবু কোৱৰৰ দৰে এটা নৰখাদকৰূপী অপৰাধীক সংঘৰ্ষৰ অন্তত নিধন কৰিবলৈ সক্ষম হোৱা শিৱসাগৰ আৰক্ষীক ৰাইজে মুকলিকৈ অভিনন্দন জনাইছে যদিও সংঘৰ্ষৰ প্ৰকৃত ছবিও ৰাজহুৱা হোৱাটো কামনা কৰিছে । আনহাতে বুবু কোৱৰৰ সংঘৰ্ষত মৃত্যুক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে বুবুৰ নৃশংসতাৰ ন ন তথ্য পোহৰলৈ আহিছে । হত্যাক পেচালৈ ৰূপান্তৰিত কৰা আমগুৰি ৰতনপুৰীয়াৰ দুধৰ্ষ ডকাইত বুবু কোৱৰে কৰা নাছিল কী ? শিক্ষকৰ পৰা ব্যৱসায় লৈকে , চিকিৎসকৰ পৰা ৰাজনৈতিক নেতালৈকে ইজনৰ পিছত সিজন নিৰীহক মৃত্যুৰ শীতল দলিছাত শুৱাই বন্য উল্লাহ লাভ কৰা বুবু কোৱৰে মাত্ৰ ১৫ হাজাৰৰ পৰা ২ লাখ টকা লৈকে লৈছিল চুপাৰি  । গাড়ীখনৰ বাবেই চালকজনক হত্যা কৰাতো এটা সাধাৰণ ঘটনাত পৰিণত হৈছিল । অতি পৰিকল্পিত ভাৱে যুৱক – যুৱতী , মহিলাৰ হতুৱাই গাড়ী ভাৰালৈ নি মাজপথত গাড়ীত বহি লোৱা বুবুয়ে শব্দ বিহীন ভাৱেই বহুজন চালকক কেবোলেৰে ডিঙি চেপি হত্যা কৰি গাড়ী লৈ উধাও হৈছিল । শিৱসাগৰ , যোৰহাট , ডিব্ৰুগড় , তিনিচুকীয়া , গোলাঘাটকে ধৰি বিভিন্ন স্থানত বিগত সময়ত উদ্ধাৰ হোৱা বহু দুৰ্ভগীয়া চালকৰ মৃত্যুৰ আৰত আছিল নৰখাদক বুবু কোৱৰ । চৰকাৰী ভাৱে বুবুৰ বিৰুদ্ধে ডেৰকুৰিতকৈও অধিক হত্যাৰ গোচৰ ৰুজু থাকিলেও এনে বহু হত্যাকাণ্ড , নিৰীহ চালকৰ মৃতদেহ উদ্ধাৰৰ পিছত গোচৰ অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰিয়েই দায়িত্ব সামৰে আৰক্ষীয়ে । সম্প্ৰতি এই ঘটনাই সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । 

Leave A Reply