Breaking

ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনলৈ স্বীকৃতি

0 1,046

ভাৰতত কিক বক্সিঙ খেলক আৰু অধিক উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰনালয়ে অবশেষত ললে সময়োচিত পদক্ষেপ । ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰণালয়ে যোৱা ২ জুলাই তাৰিখে ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনক নেছনেল স্পোৰ্টছ ফেদাৰেচনৰ অধীনত  (NATIONAL SPORTS FEDERATION) স্বীকৃতি প্ৰদান কৰে ।  এই স্বীকৃতিয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰতৰ লগতে  অসমৰ কিক বক্সিঙ খেলুৱৈ সকলৰ বাবে। ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনৰ অসমৰ একমাত্ৰ স্বীকৃতি প্ৰাপ্ত  এমেচুৰ কিকবক্সিঙ এচছিয়েচন অসমৰ ( AMATEUR KICKBOXING ASSOCIATION ASSAM) সভাপতি তথা ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনৰ সদস্য হিৰণ্য কুমাৰ বৰুৱাই অসমৰ কিক বক্সিঙ খেলুৱৈ সকলৰ বাবে এয়া এক ভাল খবৰ বুলি এক বিবৃতি যোগে জানিবলৈ দিছে । আনহাতে এতিয়াৰ পৰা ২  জুলাইৰ দিনটো “ৰাষ্ট্ৰীয় কিক বক্সিঙ দিৱস” হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনে । সদৌ অসম কিক বক্সীং এচ’ছিয়েশ্বনৰ তৰফৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে এই কথা ।

Leave A Reply