Breaking

যোৰহাট পৰিবহন বিভাগৰ অভিলেখ ! ট্ৰাকৰ পৰা জৰিমনা আদায় ৬৩ লাখ…

0 49

একাংশ ব্যৱসায়ীয়ে কৰফাঁকিৰে অসমত ৰমৰমীয়া ব্যৱসায় কৰি থকাৰ এক ঘটনা পোহৰলৈ আনিছে যোৰহাটৰ পৰিবহন বিভাগে। ঘটনাৰ বিবৰণী মতে তেল আৰু প্ৰাকৃতিক গেচ কোম্পানীত ব্যৱহাৰ হৈ আছে এখন ইন্সট্ৰুমেন্ট বাহন। বাহনখনে কৌশলেৰে শ্ৰেনী সলনি কৰি ন্যুনতম ৰাজহ আদায় দি দীৰ্ঘদিন ধৰি চলি আহিছিল।

জিলা পৰিবহন বিষয়াৰ সন্দেহ হোৱাত সমগ্ৰ বিষয়টোৰ তথ্য পৰীক্ষা কৰোতেই বাহনখনৰ মালিকৰ জালিয়াতি ধৰা পৰে। এ এছ ০৩ বিচি -২২৯৮ নম্বৰৰ বাহনখৰ নিৰ্মাতা হৈছে টাটা কোম্পানী। বাহনখনৰ মূল্য ৩ কোটি ৯২ লাখ ২৭৭ টকা। বাহনখনে চলিত বৰ্ষলৈ মুঠ ২ লাখ ৩ হাজাৰ ৪৭৪ টকা কৰ আদায় দিয়ে।

কিন্তু বাহনখনৰ প্ৰকৃত কৰৰ পৰিমান হয় ৬৩ লাখ ৪ হাজাৰ ৬৯৮ টকা। বিভাগে মুল কৰৰ পৰা পূৰ্বে আদায় দিয়া কৰৰ ধন হ্ৰাস কৰি মুঠ ৬১ লাখ ১ হাজাৰ ২১৯ টকা আদায় কৰে। ৰাজ্যখনত এখন ট্ৰাকে আদায় দিবলৈ বাধ্য হোৱা কৰৰ পৰিমান সম্ভবত এইটোৱেই বৃহৎ ঘটনা বুলি চৰ্চা লাভ কৰিছে। এই ঘটনাই ৰাজ্যখনত এচামে কৰ ফাঁকিৰে ৰমৰমীয়া ব্যৱসায় কৰি থকা কাৰ্য পোহৰলৈ আনে বুলি মন্তব্য প্ৰকাশ কৰিছে সচেতন মহলে।

Leave A Reply