Breaking

আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ উদ্যোগত ম’খ্ৰঙৰ আৰাদংগাত গণতন্ত্ৰ দিৱস উদযাপন; নৱবৰ্ষক আদৰি সকলোৱে মিলি প্ৰীতিৰে এসাঁজ…

0 198

প্ৰতিদিনেই কৰ্মব্যস্ততাৰ মাজত থাকি মুকলি মনেৰে ওলাই গৈ বন্ধুবৰ্গ, পৰিয়াল তথা কৰ্ম সহযোগীৰ সৈতে নিৰিবিলি ঠাইত সময় কটোৱাৰ উদ্দেশ্যে দেশৰ ৭৪সংখ্যক গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ উদ্যোগত আৰু জনকল্যাণ ছ’চাইটী আৰু সাংস্কৃতিক বিদ্যালয়, অসমৰ সহযোগত কামৰূপৰ বকোৰ সমীপৰ মেঘালয়ৰ মাখ্ৰঙৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰাদংগাত গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ লগতে বনভোজৰো আয়োজন কৰে।

আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সদস্য আৰু পৰিয়ালবৰ্গৰ লগতে অতিথিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু গীত-মাতেৰে অনাবিল আনন্দ উপভোগ কৰাৰ লগতে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।

পাৰ-পানী, মিউজিক চেয়াৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়।

মহিলা শাখাৰ পানী-পাৰ প্ৰতিযোগিতাত স্থান লাভ কৰে ডিবি নিউজৰ সাংবাদিক মুনমী গগৈ আৰু পুৰুষৰ পানী-পাৰ প্ৰতিযোগিতাত স্থান লাভ কৰে ডিবি নিউজৰ বুদ্ধ বিকাশ দাসে।

আনহাতে, মিউজিক চেয়াৰ প্ৰতিযোগিতাত মহিলাৰ শাখাত প্ৰথম স্থান লাভ কৰে গীতাঞ্জলি নাথ, দ্বিতীয় সুমন হাজৰিকা আৰু তৃতীয় স্থান লাভ কৰে ছাবিনা য়াছমিনে আৰু পুৰুষৰ শাখাত স্থান লাভ কৰে দৈনন্দিন বাৰ্তাৰ নগৰবেৰাৰ সাংবাদিক আবুল হুছেইনে।

আনহাতে, প্ৰতিযোগিতাৰ পিছত বনভোজস্থলীত উপস্থিত থকা প্ৰতিগৰাকীয়ে গীত-মাতেৰে এটা আনন্দমুখৰ পৰিৱেশ গঢ়ি তোলে। দেশৰ গণতন্ত্ৰ দিৱসৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰাৰ লগতে প্ৰকৃতিৰে ভৰপুৰ উত্তৰ-পূবৰ ভিতৰুৱা অঞ্চলবোৰ কেনেকৈ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি পৰ্যটকক আকৰ্ষণ কৰিব পাৰি সেয়াও আলোচনা কৰা হয়।

আলোচনাৰ শেষত ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্তাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞি, আৰাদংগাৰ স্থানীয় উদ্যোগী মহিলা, সমাজকৰ্মী এছ এম ছাংমা, ‘আলোকপ্ৰভঞ্জন’ৰ সম্পাদক কুমুদ নাথে বঁটা বিতৰণী অনুষ্ঠান শুৱনি কৰে।

প্ৰতিযোগিতাত স্থানপ্ৰাপকসকলক নগদ ধনেৰে বঁটা প্ৰদান কৰে আৰাদংগাৰ স্থানীয় উদ্যোগী মহিলা, সমাজকৰ্মী এছ এম ছাংমাই। বিভিন্ন প্ৰতিযোগিতাৰ স্থান লাভ কৰাসকলক বঁটা প্ৰদান কৰাৰ লগতে সমাজকৰ্মী ছাংমাই প্ৰতিটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে বহুকেইখন প্ৰতিযোগিতা পৰিচালনা কৰি সকলোকে আমোদ দিয়া কণমানি দেৱশংকৰ গোহাঞিক বিশেষ বঁটা প্ৰদান কৰে।

বঁটা লাভ কৰি আনন্দতে কণমানি দেৱশংকৰে কয়— ‘জিকি জিকি হৰাতকৈ হাৰি হাৰি জিকা ভাল। কিন্তু খেলিলেহে জিকিব, গতিকে খেলিব লাগিব।’ উল্লেখ্য, কামৰূপৰ সীমান্তৱৰ্তী বকোৰ ঘাইপথৰ পৰা মাত্ৰ ১২ কিলোমিটাৰ দূৰত্বত থকা মেঘালয়ৰ ম’খ্ৰং অঞ্চল প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰি আছে।

ইয়াৰ সমীপতে আছে হহুঁৱা নামেৰে আন এখন সুন্দৰ স্থান। প্ৰতিবছৰে পৰিৱেশ অনুকূল হৈ থাকিলে এনে স্থানলৈ বহু লোক দিনটোৰ বাবে গৈ হাঁহি-মাতি খেল-ধেমালি কৰি ভোজভাত খায়।

এই অঞ্চলবোৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু স্থানীয় বাসিন্দাৰ বিষয়ে বহু লোকেই নাজানে, তেওঁলোকে কেনেদৰে উক্ত অঞ্চললৈ অহা প্ৰতিটো দলক সহায়-সহযোগ কৰি আহিছে আৰু স্থানীয় বাসিন্দাসকলৰ পৰিকল্পনা অনুযায়ী এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। ম’খ্ৰঙৰ বাসিন্দাসকলে ক’ৰণা মহামাৰীৰ সময়ত যথেষ্ট অসুবিধাৰ মাজেৰে দিন পাৰ কৰিছিল। সম্প্ৰতি তেওঁলোক এতিয়া যথেষ্ট সুখী।

Leave A Reply