Breaking

৭ ঘন্টা জেৰাৰ পিছত ৰিয়া উভতিল ঘৰলৈ। সিদ্ধাৰ্থ ভট্টাচাৰ্যক ক্ষমা ভিক্ষা…

0 209

ইন্দ্ৰানী তহবিলদাৰ কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰা ৰিয়া দাসক যাবলৈ দিলে ঘৰলৈ। শনিবাৰে পুৱাই চানমাৰি থানাত উপস্থিত হৈছিল ৰিয়া দাস ওৰফে মাইনা। থানাৰ পৰা ওলাই ৰিয়া দাসে সংবাদমাধ্যমৰ আগত জানিবলৈ দি কয় যে তহবিলদাৰৰ ঘটনাত তেওঁ জড়িত নহয়। আনহাতে ধনৰ লেনদেন সম্পৰ্কেও তেওঁ জ্ঞাত নহয়। ইন্দ্ৰানী তহবিলদাৰে ফটোৰ কথা কৈছিল আৰু তেওঁ যিমান পাৰে সহায় কৰিছিল বুলিও জানিবলৈ দিয়ে।

তদন্তৰ ক্ষেত্ৰত আৰক্ষীক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলি জানিবলৈ দি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিষয়ে কৰা মন্তব্য জিভা পিচল খোৱা বুলি সদৰি কৰে। ৰিয়া দাসে ভট্টাচাৰ্যক ক্ষমা খোজা বুলিও সংবাদমাধ্যমৰ আগত অবগত কৰে। উল্লেখযোগ্য যে চানমাৰি থানাত শনিবাৰে ৭ ঘন্টা জেৰাৰ অন্তত তেওঁক যাবলৈ দিয়ে আৰক্ষীয়ে।

Leave A Reply