বোকাখাট মহকুমাৰ মহুৰা মৌজাৰ উত্তৰ মহুৰা আৰু দিচৈ গাওঁপঞ্চায়তৰ অন্তৰ্গত ভলুকাগুৰি বামুন চাপৰি প্ৰাথমিক বিদ্যালয়ত, বংকোৱালৰ উচ্চ মাধ্যমিক বিদ্যালয়, উজনি বংকোৱালৰ প্ৰাথমিক বিদ্যালয়, ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়, বংকোৱালৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, দিচৈ ভেলি চি এচ আই মিচন স্কুল, বৰবালি প্ৰাথমিক বিদ্যালয়, কেমেৰী প্ৰাথমিক বিদ্যালয়, ১ নং অফলা প্ৰাথমিক বিদ্যালয়, দুসুতী মূখ গাওঁপঞ্চায়তৰ অন্তৰ্গত মিচিমি আঁটি আমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, মিচিমি আঁটি আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ত “গঁড়ৰ বিদ্যালয় যাত্ৰা” ৰ্শীষক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় । আৰণ্যক সচিব প্ৰধান শ্রীযুত বিভৱ তালুকদাৰ নেতৃত্ব চলিথকা এই অভিযানত আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইন, প্ৰাকৃতি প্ৰেমী স্বপন নাথ অনুষ্ঠানসমুহত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে । গঁড়ৰ আৱাস, গঁড়ৰ সংৰক্ষণ, গঁড়ৰ বিভিন্ন প্ৰজাতিৰ, সজাগতা ওপৰত তথ্য চিত্রৰ সহায়ত ছাত্র ছাত্রী সকলক বিস্তাৰিত ভাৱে বুজাই আৰিফ হুছেইন ডাঙৰীয়াই । অনুষ্ঠানৰ উদেশ্যে ব্যাখ্যা আগবঢ়াই প্ৰাকৃতি প্ৰেমী বাবুকান্ত দাৱ আৰু সদস্য ইভান লইঙে ।উক্ত অনুষ্ঠানসমুহতে ছাত্র ছাত্রী সকলৰ মাজত মূকলি “কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু বিজেতা সকলক পুৰস্কাৰ বিতৰণ কৰা হয়। ছাত্র-ছাত্রী সকলৰ পৰিবেশ শিক্ষাত সহায় হোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাবৰ উদ্দেশ্য বংকোৱালৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমুহ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰা ২৫ গৰাকী ছাত্র – ছাত্রী কুইজ প্ৰতিযোগিতা যোগেদি নিৰ্বাচিত কৰা হয় । উক্ত বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে শিক্ষক ৰিতুমনি ভুঞা, মহেন দলে, জীৱন ডেকা, শেৱালি গগৈ, ভেলেনটিনা দাস, দন্দিৰাম মৰাং, প্ৰনামী ভুঞা, নয়ন জ্যোতি বাৰুকিয়াল, কেশৱ বৰি, শোভন বৰি, পল বাহাদুৰ চেত্তী, জিতেন তামূলি,জুৰি গগৈ, বিমলা শইকীয়া, মনিখা দত্ত, পৰান মৰাং, সমাজকৰ্মী কান্দুৰা মৰাঙে । অনুষ্ঠান অভিভাবক, সচেতন নাগৰিক সকলে অৰণ্যকে গঁড় সংৰক্ষণৰ ওপৰা লোৱা এনে সজাগতা সভাৰ সলাগ লয় । শেষত আৰণ্যক তৰফৰ পৰা সলাগৰ শঁৰাই আগবঢ়োৱা হয় ।
Breaking
- শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা
- নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।
- বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস
- ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন
- ‘কা’ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্ব সংকট নমাই আনিছে বিজেপিয়ে : বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰী
- যমুনামুখ সমষ্টিত আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- চৰণ বড়োৰ হৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰমা মহিলাৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা
- ক্ৰমাত গৰম হৈ উঠিছে ওদালগুৰিত নিৰ্বাচনী বতাহ : হিমন্ত বিশ্বৰ ৰোড শ্ব
- প্ৰতিক্ৰিয়াৰ পিছত এইচ এন এমৰ বিলুপ্তি চীনত
- মৰিগাঁৱত সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰৰ বিশাল নিৰ্বাচনী সভা