Rice Water: চাউল ধোৱা পানীৰে কৰক ছাল আৰু চুলিৰ সৌন্দৰ্য

বিউটিচিয়ানসকলে প্ৰায়ে কয় যে সৌন্দৰ্যৰ বাবে ভাতৰ মাৰ আৰু চাউল ধোৱা পানী দুয়োটাই উপকাৰী। কিন্তু প্ৰয়োজন বা সমস্যা অনুযায়ী ইয়াৰ ব্যৱহাৰ বেলেগ বেলেগ। শ্বেম্পু কৰাৰ পিছত চুলিখিনি চাউলৰ পানীৰে ধুলে চুলি ধুনীয়া হয়। আকৌ, যদি ঢৌৱা চুলিবোৰ স্বাভাৱিকভাৱে পোন কৰিব বিচাৰে, তেন্তে ভাতৰ ফেনে সহায় কৰিব পাৰে। মুখৰ ক্ষেত্ৰতো একেই কথা। ফেনৰ ঘনত্ব বেছি হোৱাৰ বাবে ভাতৰ মাৰক টোনাৰ হিচাপেই নহয়, ফেচ পেকত ব্যৱহাৰ কৰিব পাৰি।(Rice Water)

ছালৰ আৰ্দ্ৰতা ধৰি ৰখাৰ পৰা আৰম্ভ কৰি ঘাঁ ভাল কৰালৈকে ফেনৰ বহু উপকাৰ আছে। এমিনো এচিডযুক্ত এই তৰল পদাৰ্থ চুলি আৰু ছাল উভয়ৰে বাবে উপকাৰী। (Rice Starch Benefits)

ভাতৰ ফেন মুখত টোনাৰ হিচাপেও লগাব পাৰি, আকৌ ফেনেৰে ফেচ পেক লগাব পাৰে মুখত।

অৱশ্যে ফেনখন বেছি সময় ধৰি ৰাখিলে ছালৰ ক্ষতি হ’ব পাৰে। তাৰ পৰাই ছালখন পুনৰ সংক্ৰমিত হ’ব পাৰে।

চাউল ধোৱা পানীৰে চুলি ধুলে উফি নাইকিয়া হোৱাৰ লগতে ওকণীও মৰে৷

শোৱাৰ আগতে চুলিখিনিত চাউল ধোৱা পানীৰ স্প্ৰে কৰিলে শুকান আৰু ফটা চুলি ভাল হয়৷

চাউল ধোৱা পানীত কপাহ তিয়াই মুখত লগালে শালমইনা নাইকিয়া হয়৷

মুখৰ দাগ নোহোৱা কৰাত, ছাল বগা কৰাত চাউল ধোৱা পানী বা ভাতৰ মাৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷

চাউল ধোৱা পানীয়ে ছানবাৰ্নৰ পৰা সুৰক্ষা দিয়ে৷

চাউল ধোৱা পানীত ইন’চিটোল নামৰ কাৰ্বহাইড্ৰেট পোৱা যায়, যিয়ে চুলি মজবুত কৰে৷

Related Articles