নলবাৰীৰ চকবজাৰৰ নিউক্লিয়াছ একাডেমীত জিলা পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা সম্পন্ন

ছাত্ৰ ছাত্ৰীৰ মাজত আজি সজাগতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান নিউক্লিয়াছ একাডেমীত পথ সুৰক্ষা সপ্তাহ উপলক্ষে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

একাডেমী তথ্য আৰু সম্প্ৰচাৰ বিষয়া মনোজ শৰ্মাই আঁত ধৰা সজাগতা সভাত নলবাৰী জিলা পৰিবহন বিষয়া সীমান্ত বৰাই ছাত্ৰ ছাত্ৰী সকলক কয় যে, উপযুক্ত বয়স নহলে গাড়ী চলোৱাটো অনুচিত।

বিপদ হলে নিজৰ লগতে পৰিয়াললৈও বিপদ আহিব পাৰে। সজাগতা অনুষ্ঠানৰ সমন্বয়ক গিৰিন্দ্ৰ দাস আৰু চিকিৎসক গাৰ্গী দাসে ও পথ সুৰক্ষা সন্দৰ্ভত ভাষণ ৰাখে।

অনুষ্ঠানত একাডেমিৰ সঞ্চালক তথা অধ্যক্ষ ধ্ৰুৱজ্যোতি তালুকদাৰে আজিৰ সভাত উল্লেখিত সকলো বিষয় মানি চলি সুন্দৰ জীৱন নিৰ্মান কৰিবলৈ ৰাইজ ছাত্ৰ ছাত্ৰীক আহ্বান জনায়। সজাগতা সন্দৰ্ভত ভিডিও প্ৰদৰ্শনেৰে আজি অনুষ্ঠাৰ সামৰণি পেলোৱা হয়।
-ধ্ৰুব জ্যোতি মালাকাৰ

Related Articles