Breaking

তিনিচুকীয়াৰ ৰাজপথত ভিজিলেঞ্চ গোটৰ অভিযানত জব্দ নগদ ১০ লাখ টকা

0 2,032

ৰাজ্যত নিৰ্বাচনী আচৰন বিধি বলবৎ হোৱাৰ লগে লগে ব্যাপকৰূপে তৎপৰ হৈ পৰিছে প্ৰশাসন৷ নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলৰ ওপৰিও আইন শৃংখলা জনিত বিভিন্ন ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ নীতি নিয়ম বান্ধি দিছে৷ আগন্তুক নিৰ্বাচনত ৰাজনৈতিক দলসমূহক এক নিদিষ্ট পৰিমানৰ ধন খৰচৰ সীমা নিৰ্ধাৰন কৰি দিয়াৰ লগতে নিৰ্বাচনত নগদ ধনৰ পয়োভৰ ৰোধ কৰাৰ বাবে নগদ ৫০ হেজাৰৰো অধিক ধন লৈ চলা ফুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইয়াৰ মাজতে তিনিচুকীয়াত  বৃহস্পতি বাৰে ভিজিলেঞ্চ গোটে অভিযান চলাই ৰাজপথৰ পৰা এজন ব্যক্তিৰ হাতৰ পৰা ১০ লাখকৈ টকা জব্দ কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ জানিব পৰা মতে, জিলাখনৰ মাকুমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভিজিলেঞ্চ গোটে তালাচী চলাই থকাৰ সময়তে এখন বিলাসী বাহনত অহা এজন ব্যক্তিৰ পৰা ১০ লাখ ৫০ হেজাৰ টকা জব্দ কৰে ভিজিলেঞ্চ গোটে৷ জব্দকৃত টকাখিনি শদিয়াৰ ৰাজকুমাৰ গুপ্তা নামৰ এজন ব্যৱসায়ীৰ বুলি জানিব পৰা গৈছে৷ এ এছ ২৩ ভি ১৮৩১ নম্বৰৰ সেউজীয়া বৰনৰ মাৰুতি বেলেনো গাড়ীত অহা ৰাজকুমাৰ গুপ্তাৰ পৰা উক্ত ধনৰাশি ভিজিলেঞ্চ গোটে জব্দ কৰে৷ তিনিচুকীয়াৰ মহকুমাধিপতি সঞ্জীৱ ফুকনৰ উপস্থিতিত আয়কৰ বিভাগে উক্ত ধনৰাশি জব্দ কৰে৷ এই সন্দৰ্ভত মহকুমাধিপতি সঞ্জীৱ ফুকনে জানিবলৈ দিয়া অনুসৰি নিৰ্বাচনী আচৰনবিধি বলবৎ হৈ থকাৰ হেতুকে ভিজিলেঞ্চ গোটে আজি এই ধনৰাশি জব্দ কৰি কোষাগাৰলৈ প্ৰেৰন কৰিছে৷ পৰবৰ্তী সময়ত ধনৰ গৰাকীয়ে আপীল কৰিব পাৰিব আৰু যদিহে তেও গ্ৰহনযোগ্য তথ্য প্ৰমান দাখিল কৰিব পাৰে তেনেহলে তেও এই ধন উভতাই পাব৷ ইফালে ৰাজকুমাৰ গুপ্তাই জানিবলৈ দিয়া মতে, শদিয়াত তেওৰ গ্ৰোচাৰী দোকান আছে, দোকানৰ বাবে সামগ্ৰী ক্ৰয় কৰিবৰ বাবে তেও এইদৰে নগদ ধন লৈ তিনিচুকীয়ালৈ ওলাইছিল৷ নিৰ্বাচনী আচৰন বিধিৰ কথা তেও নজনাৰ বাবেই এই ঘটনা সংঘটিত হয়৷

Leave A Reply