Breaking

বিমান অৱতৰণৰ বাবে সাজু ৰূপচী বিমান বন্দৰ

0 2,164

এছিয়াৰ সৰ্ববৃহৎ ৰাণৱে থকা এটা ৰূপচী বিমান বন্দৰটো বিমান অৱতৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। ৩৭ বছৰে বন্ধ হৈ থকা ৰূপচী বিমান বন্দৰ ৩৭ বছৰ পাচত আকৌ প্ৰাণ পাই উঠিছে । অতি সোনকালে বিমান বন্দৰটো কাৰ্যক্ষম হৈ উঠিব বুলি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক এম সুৰেশে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগত অৱগত কৰে।

Rupsi Airport

উল্লেখ যোগ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৈনিকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল ৰূপচী বিমানবন্দৰটো ।১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ কলকাতালৈ চলিছিল বিমান সেৱা। ১৯৮২ চনত ৰূপচী বিমান বন্দৰ পৰা অন্তিম বাৰৰ বাবে উৰিছিল বায়ুদূতৰ নামৰ বিমানখন।৩৭ বছৰ ধৰি বিকল হৈ থকাৰ পিছত ২২ ফেব্ৰুৱাৰী ২০১৯ চন শুকুৰবাৰে ৰূপচী বিমানবন্দৰ পুণৰ কাৰ্যক্ষম কৰা তথা উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশীলা স্থাপন কৰিছিল।

Leave A Reply