Breaking

ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে মডাৰ্ণ ইংলিছ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী সম্ভৱা কাশ্যপে

0 1,547

দেশত ক’ৰণা মহামাৰীৰ আতংকময় পৰিবেশৰ মাজতে ৰঙিয়ালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ল চাপনীয়া নিবাসী শিক্ষক উজ্জ্বল ডেকা আৰু প্ৰৱক্তা দিপাঞ্জলী দাসৰ একমাত্ৰ কন্যা সম্ভৱা কাশ্যপে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰপ্ৰদেশ ঝাঁচিৰ মনিকৰ্ণিকা আৰ্ট গেলাৰীয়ে আয়োজন কৰা অনলাইন কনিষ্ঠ শাখাৰ চিত্ৰকলা প্ৰদৰ্শনত ১০১ জনৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয় আৰু সৰ্বভাৰতীয় স্তৰত পাঁচ বছৰৰ পৰা বাৰ্ বছৰৰ ছাত্ৰছাত্ৰীৰ ভিতৰত বৃহত দুৰসংযোগ উদ্যোগ ভাৰতী এয়াৰটেল এ আগবঢ়োৱা ২০২০ বৰ্ষৰ বিশেষ বৃত্তি লাভ কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ লকডাউন চলি থকা বাবে সম্ভৱাৰ হৈ পিতৃ উজ্জ্বল ডেকাই এয়াৰটেল ৰঙিয়া শাখাৰ পৰা এয়াৰটেল কৰ্তৃপক্ষৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰি  উৎফুল্লিত হৈ পৰে ৷ সম্ভৱা ৰঙিয়াৰ মডাৰ্ণ ইংলিছ স্কুলৰ বৰ্তমান তৃতীয় শ্ৰেণীৰ ছাত্ৰী, জানিব পৰা মতে তাই নৃত্য, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাত এতিয়ালৈ বহুকেইটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ৷ কণমানী সম্ভৱাৰ এই সাফল্যত শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকৰ উপৰিও ৰঙিয়া বাসী ৰাইজেও শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷

Leave A Reply