Breaking

মাজুলীৰ বিৰিণাবাৰী অনাথ শিশু সকলৰ কাষত সদৌ মাজুলী জিলা ছাত্ৰ সন্থা

0 1,523

নামনি মাজুলীৰ বিৰিণাবাৰীৰ অনাথ শিশু কেইটাৰ খবৰ ল’বলৈ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল তেওঁলোকৰ বাসগৃহত উপস্থিত হয়৷ সৰু অৱস্থাৰে পৰা দেউতাক অবিহনে মাকেই দিন হাজিৰা কৰি  কষ্টৰে কৰি পোহ পাল দি আছিল পৰিয়ালটিক৷ আজি পৰা প্ৰায় একবছৰ মান আগৰ পৰা তেওঁলোকৰ মাতৃৰো শাৰীৰিক অসুস্থতা বাঢ়ি যোৱাৰ ফলত যোৱা  সোমবাৰে কণমানি কেইটাই মাককো হেৰুৱাবলগীয়া হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামী সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মা উপসভাপতি দীপক নেওগ উপস্থিত হৈ আহিবলগীয়া দিন সমূহত শিশু কেইটি যাতে শৈক্ষিক যাত্ৰাত থমকি ৰ’ব লগীয়া নহয় তাৰ বাবে ছাত্ৰ সন্থাই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে৷ লগতে ছাত্ৰ সন্থাই মাজুলী জিলা প্ৰশাসন আৰু অসম চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি শিশু কেইটিৰ জীৱন সম্পত্তি নিৰাপত্তাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ লগতে তেওঁলোকক এটি বাসগৃহ প্ৰথমে নিৰ্মান কৰি দিয়াৰ লগতে খোৱা পানীৰ যাৱতীয় ব্যৱস্থা শীঘ্ৰে কৰি দিবলৈ অসম চৰকাৰক আহ্বান জনাইছে৷

Leave A Reply