Breaking

সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে চামতাৰ নিবেদিতা ডিম্পলে…

0 72

পশ্চিম নলবাৰীৰ এক চিৰ পৰিচিত নাম মঞ্চসূৰ্য ধৰণী বৰ্মন । সুৰদেৱী থিয়েটাৰ জন্ম দি সমগ্ৰ অসমতে চামতাক পৰিচয় কৰি দিয়া মঞ্চসূৰ্য ধৰনী বৰ্মনৰ বোৱাৰী নিবেদিতা ডিম্পলে এইবাৰ সাহিত্য ৰত্ন বঁটা লাভেৰে পুনৰ পশ্চিম নলবাৰীলৈ সুনাম কঢ়িয়াই আনিলে । বহুশতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তথ্য আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, মেঘালয় (USTM)ত সাহিত্য ৰত্ন বটা গ্ৰহণ কৰা নিবেদিতা ডিম্পলে পূৰ্বে আৰোহণ আৰ্টিষ্ট গীল্ডৰ পৰা আৰোহণ কবি সাহিত্য বঁটাও লাভ কৰিছিল ।

এগৰাকী কবি, গল্পকাৰ , ঔপন্যাসিক অভিনেত্ৰী নিবেদিতাৰ ইতিমধ্যে পাঁচখন উপন্যাস আৰু কবিতা পুথি প্ৰকাশ হৈছে । বিপিন চাউদাংৰ প্ৰায় ১৪/১৫ টা গানৰ এলবামত অতি সুন্দৰ অভিনয় কৰি দৰ্শক শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নিবেদিতা ডিম্পলৰ অভিনীত কেইবাটাও এলবাম ইউ টিউবতো উপলব্ধ হৈছে। আনহাতে নিবেদিতাৰ বহু কেইটা গল্প , কবিতা অসমৰ আগশাৰীৰ আলোচনী আৰু বাতৰি কাকতত প্ৰকাশ পাইছে । শেহতীয়াকৈ সাহিত্য ৰত্ন বঁটা লাভ কৰা নিবেদিতা ডিম্পলে মঞ্চসূৰ্য ধৰণী বৰ্মনৰ নিচিনাকৈ এদিন পশ্চিম নলবাৰীক সাংস্কৃতিক, সাহিত্যৰ দিশত ৰাজ্যৰ ভিতৰতে জাকতজিলিকা কৰি তুলিব বুলি ৰাইজে আশা কৰিছে।

Leave A Reply