Breaking

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহজিলাৰ গোলাঘাট মাৰ্কেটিং ব’ৰ্ডত বিয়াগোম কেলেংকাৰীঃ তিনিজনক নিলম্বন

0 79

গোলাঘাট

এটকা-দুটকা নহয় গোলাঘাটৰ মাৰ্কেটিং ব’ৰ্ডত সংঘটিত হৈছে তিনি কোটিৰো অধিক টকাৰ বিয়াগোম কেলেংকাৰী। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহজিলাত সংঘটিত হোৱা এই বৃহৎ কেলেংকাৰীয়ে জোকাৰণিৰ সৃষ্টি কৰিছে বিভাগটোৰ লগতে সমগ্ৰ ৰাজ্যত। প্ৰাপ্ত খবৰ অনুসৰি  গোলাঘাটৰ ফৰকাটিংস্থিত এই মাৰ্কেটিং ব’ৰ্ডত ৩ কোটি ৭৬ লাখ ৩৪ হাজাৰ ১৪৭ টকা উপকৰৰ বিয়াগোম দুৰ্নীিত সংঘটিত হোৱাৰ কথা পোহৰৈল আহিছে। যাৰ বাবে ব’ৰ্ডখনৰ তিনিজনকৈ বিষয়াক নিলম্বিত কৰা হৈছে। উল্লেখ্য ২০১৯-২০  বৰ্ষত  চুপাৰী  ব্যৱসায়ীক  বৃহৎ পৰিমাণৰ  চালান দিছিল গোলাঘাটৰ এই মাৰ্কেটিং বৰ্ডে। উক্ত  উপকৰ  হিচাপে ৫,০৭,৯৩,৯১০.০০ লাভ কৰিব লাগিছিল যদিও বৰ্তমান ১,৩১,৫৯,৭৬৩.০০ টকাৰ হে হিচাপ আছে মাৰ্কেটিং ব’ৰ্ডখনৰ হাতত। বাকী  চৰকাৰৰ  ঘৰত  জমা  হ’ব লগীয়া  ৩,৭৬,৩৪,১৪৭.০০ টকাৰ কোনো হিচাপ দিব পৰা নাই বিভাগটোৱে।এতিয়া এই ঘটনাক  লৈ মাৰ্কেটিং বৰ্ডৰ দিচপুৰৰ মুখ্য কাৰ্যবাহী বিষয়াই  ফৰকাটিঙৰ মাৰ্কেটিং বৰ্ডৰ সচিব  অম্বিকা শ্যাম,পৰিদৰ্শক দ্বয় বাবুল দলে আৰু ৰমেন শইকীয়াক নিলম্বিত কৰিছে। ইফালে সচেতন ৰাইজে দাবী উত্থাপন কৰিছে যে কেৱল বিষয়াক নিলম্বিত কৰিয়েই সংশ্লিষ্ট বিভাগে দায়িত্ব সামৰিলে নহ’ব। প্ৰকৃত ৰহস্য উদঘাটন কৰি সমগ্ৰ ঘটনাৰ এক উচিত আৰু জোৰদাৰ তদন্তৰ দাবী তুলিছে সচেতন ৰাইজে।

Leave A Reply