Breaking

শিৱসাগৰৰ আমগুৰি লুণপুৰীয়া ইটাখোলা গাঁৱত জব্দ চুলাই মদ লৈ যোৱা স্কুটি

0 86

শিৱসাগৰৰ আমগুৰি লুণপুৰীয়া ইটাখোলা গাঁৱৰ মাজেদি চুলাই মদ সৰবৰাহ কৰা অবৈধ মদ সহ এখন স্কুটী জব্দ।গাওঁৰক্ষী বাহিনীৰ চকুত ধূলি দি পলায়ন দ্বয় চুলাই মদ সৰবৰাহকাৰী, আৰক্ষী উপস্হিত। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে দেশী-বিদেশী লগতে অবৈধ মদৰ মজুত আৰু সৰবৰাহ। মৌন আবকাৰী বিভাগ তথা আৰক্ষী। দুস্কৃতিকাৰীয়ে প্ৰশাসনৰ মৌনতাৰ প্ৰতি লক্ষ্যৰাখি চলাই আহিছে এই দুষ্কাৰ্য ।

শিৱসাগৰৰ সীমান্তৱৰ্তী আমগুৰি লুণপুৰীয়া ইটাখোলা গাঁৱৰ মাজেদি বৰবিহ চুলাই মদ সৰবৰাহ । চুলাই মদ সহ হণ্ডা ডিঅ’ AS 04 AA 0838 নম্বৰৰ এখন স্কুটী জব্দ । কিন্তু ৰহস্যজনক ভাৱে স্থানীয় গাঁৱৰক্ষী বাহিনীৰ চকুত ধূলি দি পলায়ন দ্বয় চুলাই মদ সৰবৰাহকাৰী । জানিব পৰা মতে চুলাই মদ সহ স্কুটী এৰি পলায়ন কৰে অভিযুক্ত দ্বয়ে । ইতিমধ্যে গেলেকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ২৫ লিটাৰ চুলাই মদ সহ অবৈধ মদ সৰবৰাহত ব্যৱহৃত স্কুটীখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply