Breaking

কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম মূল্য নিৰ্দ্ধাৰণৰ দাবীত মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ

0 1,242

মৰিগাঁও, ২৭ নবেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কৃষকৰ উৎপাদিত শস্যৰ নূন্যতম মূল্য নিৰ্দ্ধাৰণৰ দাবী জিলা উপায়ুক্তৰ জৰিয়তে এখন  স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে অসম এখন কৃষি প্ৰধান ৰাজ্য । অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষিৰ ওপৰত ভিত্তি কৰি নিজৰ  জীৱিকা আৰ্জন কৰি জীৱন নিৰ্বাহ কৰে । কিন্তু পৰিতাপৰ বিষয় এই যে অসমত কৃষিজাত সামগ্ৰীৰ সু-নিয়ন্ত্ৰিত বজাৰ নথকা আৰু সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যৰ বাবে কৃষক সকলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় | যাৰ ফলত কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে বহু কৃষকে কৃষি কৰ্ম বাদ দি কৃষি ভূমি বিক্ৰী পৰ্য্যন্ত কৰিব লগা হৈছে | অসমৰ কৃষকৰ প্ৰধান সমস্যা হল যে কৃষকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ যেনে ধান, মৰাপাট, সৰিয়হ, চাহ, পাচলি আদি উৎপাদনৰ বাবে হোৱা খৰছৰ অনুপাতে উৎপাদিত সামগ্ৰীৰ মূল্য লাভ নকৰে | ইয়াৰ মূল কাৰণ হল অসমৰ কৃষিজাত সামগ্ৰীসমূহ বজাৰ নিয়ন্ত্ৰণ ক্ষমতা অসমৰ কৃষকৰ হাতত নাই | সমগ্ৰ বজাৰ সমূহ নিয়ন্ত্ৰণ কৰে বহিৰাগত মুনাফাখোৰ মধ্যভোগীয়ে | যাৰ পৰিণতিত কৃষকে নিজ উৎপাদিত সামগ্ৰী মধ্যভোগীৰ সুবিধা অনুযায়ী কম মূল্যত বিক্ৰী কৰিব লগা হয় | কৃষক সকলৰ সৈতে হৈ অহা এই আৰ্থিক শোষণ বঞ্চনাৰ পৰা মুক্ত কৰাৰ বাবে কৃষকৰ উৎপাদিত কৃষিজাত সামগ্ৰী সমূহৰ উৎপাদনৰ খৰছৰ ওপৰত ভিত্তি কৰি এক সামগ্ৰীৰ চৰকাৰী নূন্যতম মূল্য নিৰ্দ্ধাৰণ কৰাৰ প্ৰয়োজন আছে | নিৰ্ধাৰিত নূন্যতম মূল্যত কৃষকে উৎপাদিত সামগ্ৰী মুকলি বজাৰত বিক্ৰী কৰিব নোৱাৰিলে চৰকাৰে সেই সামগ্ৰী সমূহ ক্ৰয় কৰাৰ এক ব্যৱস্থা কৰিলেহে মধ্যভোগী মুনাফাখোৰে একচেটিয়া বজাৰ নিয়ন্ত্ৰণৰ যোগেদি কৃষকসকলক কৰি অহা আৰ্থিক শোষণ বঞ্চনাৰ ওৰ পৰিব | অসমৰ কৃষক ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ কৃষকৰ উৎপাদিত কৃষিজাত সামগ্ৰী সমূহৰ এক চৰকাৰী নূন্যতম সমৰ্থন মূল্য নিৰ্দ্ধাৰণ কৰাৰ বাবে অনতিবিলম্বে  কাৰ্য্যকৰি পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংগঠনটোৱে দাবী উত্থাপন কৰে।

Leave A Reply