Breaking

লাহৰীঘাটৰ বোৱালগুৰিত ভয়াৱহ অগ্নিকাণ্ড: ভষ্মীভূত কেইবাটাও বাসগৃহ

0 2,032

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বোৱালগুৰিত পুৱতি নিশা অকস্মাৎ জুই লাগি কেইবাটাও বাসগৃহ পুৰি ভষ্মীভূত হয়। জানিব পৰা মতে জুইত ভষ্মীভূত হোৱা বাসগৃহ বোৰ ক্ৰমে আব্দুল ৰশিদ, জাকিৰ হুছেইন, আবুল কাশেম, চামছুল হক, শ্বাজাহান আলী আৰু নশ্বেদ আলীৰ। বাসগৃহৰ লগতে যাবতীয় নথিপত্ৰ, স্কুলৰ কিতাপ  , বহী, কাপোৰ কানি, কাঠৰ আচবাব, ধান, চাউল, বাচন বৰ্তন, টিনপাতকে আদি কৰি শ্বাজাহান আলীৰ ১,৭৫০০০/-, নশ্বেদ আলীৰ ১৮,০০০/- আৰু আব্দুল ৰশিদৰ ৪৫,০০০/-  নগদ ধনো জুইত ভষ্মীভূত হোৱ বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনা স্হলীত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱায় যদিও তাৰ আগতে সকলো পুৰি ভষ্মীভূত হয়।

Leave A Reply