Breaking

গোলাঘাটত পুনৰ উদ্ধাৰ বহু লাখ টকা

0 32

বিগত মাহত ৫০ লাখকৈ টকা উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত চলি থকাৰ মাজতে শুক্ৰবাৰে পুনৰ বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হৈছে গোলাঘাটত।  ডিমাপুৰ আৰক্ষী আৰু গোলাঘাট আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হোৱা ধনৰাশিৰ পৰিমাণ ২৭ লাখ ৫৬ হাজাৰ ৬০০ টকা। আৰক্ষী সূত্ৰে প্ৰকাশ যে গোলাঘাটৰ থুৰামুখৰ এটা পৰিয়ালৰ পৰা উদ্ধাৰ কৰা হৈছে টকাখিনি। জানিব পৰা মতে  মিন্টু তাঁতী নামৰ এই যুৱকজন নগালেণ্ডৰ এটা কোম্পানীত কৰ্মৰত আছিল আৰু প্ৰতিষ্ঠান খনৰ পৰাই হৰলুকি কৰিছিল এই বৃহৎ পৰিমাণৰ ধনখিনি। চুৰি ধনখিনি মিন্টুয়ে  থুৰামুখত থকা ককাক- আইতাকৰ ঘৰৰ ভঁৰালৰ তলত লুকুৱাই ৰাখিছিল ।আৰু তাৰ পৰাই আৰক্ষীয়ে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হ’য়।  কাৰ্বি আংলঙৰ বৰপথাৰ অঞ্চলৰ এই যুৱকজন প্ৰতিষ্ঠান টোৰ জেনেৰেটৰ অপাৰেটৰ হিচাপে চাকৰি কৰিছিল। আৰু ধৰা পৰাৰ ভয়ত এনেকৈ ককাক-আইতাকৰ ঘৰত লুকুৱাই থৈছিল টকাখিনি।

Leave A Reply