Breaking

বহিঃৰাজ্যৰ পৰা প্ৰৱেশ কৰা অবৈধ গাহৰি ভর্তি গাড়ীৰ ওপৰত পুনৰ তদন্তৰ দাবীৰে শিৱসাগৰৰ আমগুৰিত কেইবাটাও সংগঠনৰ অৱস্থান ধৰ্মঘট

0 58

শিৱসাগৰৰ আমগুৰিত জাতীয় সংগঠনৰ অৱস্থান ধৰ্মঘট । প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ছাত্ৰ সংগঠনৰ । ৰাইজ আৰু সংবাদ-মাধ্যমৰ আগত স্পষ্টিকৰণ নিদিয়াকৈ গাহৰি মাফিয়াৰ সৈতে নিশা গোপন মিতিৰালি কৰি যোৱা ১৭ ফেব্ৰুৱাৰীত আমগুৰি আৰক্ষীয়ে জব্দ কৰা গাড়ীখন এৰি দিয়াৰ পাছত এই প্ৰতিবাদ । শিৱসাগৰ জিলা পশুপালন বিষয়া অক্ষয় কেশৰীক নিলম্বন কৰা আদি কেইবাটাও দাবী পুৰণৰ বাবে আজি আমগুৰি চাৰিআলিত অঞ্চলটোৰ কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে অৰ্নিদিষ্টকালৰ বাবে অৱস্থান ধৰ্মঘট পালন কৰে ৷ তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ, অসমীয়া যুৱ মঞ্চ, আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদিকে ধৰি স্থানীয় বহুকেইটা সংগঠনে এই অৱস্থান ধৰ্মঘটত অংশগ্ৰহন কৰে ৷

প্ৰতিবাদকৰী সকলে থলুৱা গাহৰি পালক আৰু থলুৱা গাহৰিৰ প্ৰজাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বহিঃৰাজ্যৰ পৰা সৰবৰাহ হোৱা গাহৰিৰ ক্ষেত্ৰত স্থায়ী নিষেধাজ্ঞা আৰোপ কৰা, গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰত আমগুৰি অসম-নাগালেণ্ড সংযোগী ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত পশুপালন আৰু পৰিবহন বিভাগৰ তালাচী চকী নিৰ্মাণ কৰা দাবী উত্থাপন কৰে ৷ ইয়াৰ অন্যথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ সকীয়নি দিয়ে আমগুৰিৰ কেইবাটাও সংগঠনে ৷

Leave A Reply