Breaking

বৰক্ষেত্ৰীত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শিলান্যাস জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ…

0 162

বৰক্ষেত্ৰীত আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শিলান্যাস জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ ৷
য’তেই আদৰ্শ অংগনবাড়ী স্থাপন হৈছে তাতেই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে – আয়ুক্ত বৰ্ণালী ডেকা


নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বামুনবড়ী গাঁৱত আজি এটি আদৰ্শ অংগনবাদী কেন্দ্ৰৰ শিলান্যাস কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷ বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলী, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীকে ধৰি বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ৭১নং আদৰ্শ মূলাঘাটা অংগনবাদী কেন্দ্ৰটিৰ আধাৰশিলা স্থাপন কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷ ৩১১নং বামুনবড়ী মিলন প্ৰাথমিক বিদ্যালয় চৌহদত স্থাপন কৰা অংগনবাদী কেন্দ্ৰটিৰ শিলান্যাস কৰি আয়ুক্ত বৰ্ণালী ডেকাই কয় যে- য’তেই আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হৈছে তাতেই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

উন্নতমানৰ আন্তগাঁঠনিৰে নিৰ্মাণ কৰিবলগীয়া কেন্দ্ৰটোৰ আন্তগাঁঠনি যাতে অতি নিখুঁতভাৱে নিৰ্মাণ কৰা হয় তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায় আৰু ৰাইজক নিৰ্মাণৰ ওপৰত চকু ৰাখিবলৈ কয় ৷ হাজো-দৌলাশাল পথৰ দাঁতিৰ ওচৰতে নিৰ্মাণ কৰিবলগীয়া আদৰ্শ অংগনবাদী কেন্দ্ৰটো অসমৰ ভিতৰতে লেখতলবলগীয়া কেন্দ্ৰ হ’ব বুলি আশা প্ৰকাশ কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷

তদুপৰি অংগনবাদী কেন্দ্ৰটোলৈ যাতে অঞ্চলটোৰ কণ কণ শিশুসকলে আহি এটা সুস্থ তথা শৈক্ষিক পৰিৱেশ লাভ কৰিব পাৰে তাৰ বাবেও সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায় ৷ অংগনবাদী কেন্দ্ৰটোৰ শিলান্যাস অনুষ্ঠানত ৫৬নং মুগদি-ৰামপুৰ গাঁও পঞ্চায়তৰ সচিব আতিকুৰ ৰহমান, মুগদি-ৰামপুৰ গাঁও পঞ্চায়তৰ কণিষ্ঠ অভিযন্তা আব্দুল ফাৰুক আলী, ফাইজুৰ ৰহমান, বিজেপি নেতা অৰূপ ডেকা, অচ্যুৎ নাথ, শিক্ষক জিঞ্জাৰ আলী, ৰামপুৰ বজাৰ সমিতিৰ সভাপতি কল্প তালুকদাৰ, সম্পাদক আনোৱাৰ হুছেইনকে প্ৰমুখ্য কৰি অৰ্ধশতাধিক লোক উপস্থিত থাকে ৷

(ফটো আছে)

জয়ন্ত ডেকা ৷ মুকালমুৱা

Leave A Reply