Breaking

শিমলুগুৰি ৰামুগাৱঁত শ্ৰমদান কৰি শোচনীয় পথ মেৰামতি ৰাইজৰ

0 2,020

যি সময়ত বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে পথ নিৰ্মাণকে ধৰি বহু কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল বাস্তৱ ক্ষেত্ৰত বহুত অঞ্চলত তাৰ বিপৰীত ছবিখন স্পষ্টকৈ ফুটি উঠিছে ৷ এসময়ত গড়কাপ্তানি মন্ত্ৰীৰ দায়িত্বত থকা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ মাহমৰাৰ শিমলুগুৰিৰ ৰামুগাও ফটিকাচোৱা পথটো দীৰ্ঘদিনৰ পৰাই শোচনীয় হৈ থকাত আৰু মন্ত্ৰী মহনে কোনো ব্যবস্থা নকৰাকৈ থোৱাত কালি স্হানীয় ৰাইজ তথা যুৱকসকলে শ্ৰমদান কৰি পথটো যাতায়তৰ উপযোগী কৰি তোলে ৷ প্ৰায় ৫/৬ খন গাৱঁৰ শ শ ৰাইজ তথা বিদ্যালয়ৰ ছাত্ৰছাত্ৰী শিমলুগুৰিলৈ যোৱা নাজিৰা মহকুমাৰ অন্তৰ্গত এই ফটিকাচোৱা পথটো বিগত ১০ বছৰৰ অধিক কাল শোচনীয় হৈ থকাত সমস্যাৰ সৃষ্টি হৈছিল ৷ স্হানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহনক স্হানীয় ৰাইজে পথটো নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী জনাই অহা স্বতেও কোনো কানষাৰ নিদিয়াত স্হানীয় দুজনমান উদীয়মান ঠিকাদাৰে শিল যোগান ধৰাত আজি প্ৰায় দুইকিলোমিটাৰ পথটো যাত্ৰাৰ উপযোগী কৰি তোলে ৷ স্হানীয় ৰাইজে দল মত নিৰ্বিশেষে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক ৰামগাঁও হৈ গোমোঠা পৰ্যন্ত পথটো নিৰ্মাণৰ ব্যবস্থা কৰিবলৈ আহ্বান জনাইছে ৷

Leave A Reply