Breaking

শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনি সলনি : স্মাৰকপত্ৰ প্ৰদান, আন্দোলনৰ হুমকি

0 54

ডিৰাক সীমান্ত

ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁও পঞ্চায়তৰ অধীনস্থ চুক্ৰেটিং চাহ বাগিচাৰ কাষত থকা শীতলপাটী এখন ভিতৰুৱা আৰু অতি অনুন্নত গাঁও৷ শীতলপাটী গাঁৱলৈ যাবলৈ ভাল বাট-পথ কোনো এটাও নাই। বহু কষ্টেৰে সেই ঠাইৰ ৰাইজৰ লগতে স্কুল-কলেজত পঢ়া ল’ৰা-ছোৱালীয়ে অহা-যোৱা কৰে৷ গাঁওখনৰ ৰাইজৰ মতে বহু আবেদন-নিবেদন জনোৱাৰ অন্তত সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ গ্ৰাম চৰক যোজনাৰ অধীনত পেকেজ নং এ এছ ২৩-৩৭১ৰ আৱন্টন মতে ঠিকাদাৰ উৎপল বৰদলৈয়ে ডুমডুমা-ফিল’বাৰী গড়কাপ্তানী পথৰপৰা শীতলপাটী গাঁৱলৈ ৪.৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে কোনো দুষ্টচক্ৰৰ হস্তক্ষেপত আঁচনিখন স্থানান্তৰ কৰি কিছু দূৰৱৰ্তী ঠাইৰ বকপাৰালৈ লৈ যায় আৰু একেখন আঁচনিৰ অধীনত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লৈছে । ইয়াৰ কাৰণতে শীতলপাটী গাৱৰ ৰাইজ অতি ক্ষুদ্ধ হৈ পৰিছে আৰু মঙলবাৰে তিনিচুকীয়া জিলাৰ ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ ওচৰত গাঁওখনৰ ১১২ গৰাকী কৃষক-বনুৱা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ দাখিল কৰিছে৷ গ্ৰাম্যবাসীয়ে এই বিষয়ত জিলা উপায়ুক্ত আৰু ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজৰ তৎকালীন হস্তক্ষেপ দাবী কৰিছে৷ স্মাৰকপত্ৰখনত উল্লেখ কৰা মতে চুক্ৰেটিং চাহ বাগিযা কৰ্তৃপক্ষই পথটো নিৰ্মাণত কোনো হকা-বধা নকৰা স্বত্বেও কাৰ প্ৰৰোচনাত পৰি আঁচনিখন স্থানান্তৰ হ’ল তাৰ তদন্ত শীঘ্ৰে কৰিব লাগে।  যি কোনো বিনিময়ত পূৰ্বৰ শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনিখন শীঘ্ৰে কাৰ্যকৰী কৰিবলৈও তেওঁলোকে দাবী উত্থাপন কৰিছে৷ প্ৰয়োজনত তীব্ৰ আন্দোলন আৰম্ভ কৰিব বুলিও তাৰ নেতৃস্থানীয় ব্যক্তি তথা স্মাৰক পত্ৰৰ প্ৰথম স্বাক্ষৰকাৰী বাবুল ৰায়ে সংবাদ মহলক অৱগত কৰিছে৷

Leave A Reply