Breaking

যোৰহাট জিলাৰ বসন্ত চিৰিং ফুকনে লাভ কৰিলে “Progressive Mushroom Grower Award “…

0 67

২০০১ চনত যুৱকজনে প্ৰথমে অয়ষ্টাৰ কাঠফুলা (Oyster Mushroom)ৰ খেতি কৰি প্ৰতিদিনে ৫০-৬০ কিলোগ্ৰাম উৎপাদন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ ২০০৪ চনত তেওঁৰ ঘৰুৱা প্ৰয়োজনৰ বাবে কাঠফুলাৰ বীজ উৎপাদন কৰে। যুৱকজনৰ এই যাত্ৰাই পিছলৈ থমকি ৰ’বলগীয়া হোৱা নাই। সম্প্ৰতি বাণিজ্যিকভাৱে কাঠফুলাৰ বীজ উৎপাদন কৰি তেওঁ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে যোৰহাট জিলাৰ শ্ৰী বসন্ত চিৰিং ফুকন।

কাঠফুলাৰ খেতিত উল্লেখনীয় বৰঙণি আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে তেওঁক ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ কাঠফুলা গৱেষণা সঞ্চালকালয়ৰপৰা “Progressive Mushroom Grower Award ” লাভ । যোৱা ১০ ছেপ্টেম্বৰত হিমাচলপ্ৰদেশৰ ছলানত অনুষ্ঠিত ২৬ সংখ্যক ৰাষ্ট্ৰীয় কাঠফুলা মেলাত শ্ৰী ফুকনে এই বঁটা গ্ৰহণ কৰিছে।

বাণিজ্যিকভাৱে কাঠফুলাৰ খেতিৰ প্ৰতি আগ্ৰহী কৰি তোলাত নতুন নতুন পদক্ষেপ গ্ৰহণ কৰি অসমৰ যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰাত শ্ৰী ফুকনে অধিক উদ্যমেৰে সহযোগিতা আগবঢ়াব বুলি আশা আৰু নিবনুৱা যুৱক-যুৱতীসকলেও শ্ৰী ফুকনৰ এই সফলতাক অনুকৰণ কৰি আগবাঢ়ি আহিব বুলি আশা অতুল বৰাৰ।

Leave A Reply