Breaking

৩ ছেপ্টেম্বৰত শুভ নাট্যাৰম্ভ উদয়ন থিয়েটাৰৰ

0 36

 ক’ৰোনা মহামাৰীয়ে জুৰুলা কৰা সংস্কৃতিৰ পথাৰখন সজীব কৰাৰ প্ৰয়াসেৰে ভ্ৰাম্যমাণ নাট্যজগতত নৰূপেৰে পাঠশালাৰ পৰা আত্মপ্ৰকাশ কৰিবলৈ সাজু হোৱা জ্যোতিপদ তালুকদাৰৰ প্ৰযোজিত উদয়ন থিয়েটাৰে ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে । কৰোনা ভাইৰাছৰ আতংক আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ বাবে যোৱা বৰ্ষৰ নাট্যযাত্রা বাতিল হোৱাৰ পিছত নতুন উদ্যম আৰু এবুকু আশা বুকুত বান্ধি আগন্তুক 21-22 নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নাট্যদলটিয়ে। নাট্যপ্ৰেমী ৰাইজক সুস্থ ৰুচিসম্পন্ন নাটক দিয়াৰ প্ৰতিশ্ৰুতিৰে আত্মপ্ৰকাশ কৰা উদয়ন থিয়েটাৰৰ মঞ্চত  আগন্তুক নাট্যবৰ্ষত দেখিবলৈ পোৱা যাব তিনিজন নাট্যকাৰৰ তিনিখন ভিন্ন ৰসৰ নাটক। ইতিমধ্যে অভিনেতা, নাট্যকাৰ চম্পক শৰ্মাৰ “সীতাৰ অগ্নিপৰীক্ষা” নাটকখনৰ এটি ভিডিঅ গীত মুকলি কৰি নাট্যপ্ৰেমী ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নাট্যদলটোৱে । তাৰোপৰি আন দুখন নাটক হৈছে নাট্যকাৰ ৰাজদ্বীপৰ “বুকুৰ মাজত তুমি” আৰু  নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্য্যৰ “মৰমৰ দালাল”। আনহাতে আগন্তুক নাট্যবৰ্ষত উদয়নৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিব যত অভিনয় কৰিব বলিষ্ঠ অভিনেতা মৃদুল বৰুৱা,নব বৰুৱা, চন্দন ডেকা, অঞ্জন জ্যোতি বেজ , দেব ৰয়, অভিনেত্রী অৰ্চনা বৰা, ভায়োলিনা বৰুৱা, প্ৰনীতা নাথৰ লগতে বোলছবি জগতৰ সুদৰ্শন অভিনেতা অৰুপ বৰা আৰু সৰুপৰ্দাৰ মোহময়ী অভিনেত্রী দেবাশ্ৰী গগৈ। যোগেন মহন্ত আৰু যতীন দুৱৰাই প্ৰতিনিধিত্ব কৰা উদয়ন থিয়েটাৰৰ সম্পাদকৰ দায়িত্বত আছে দীপু দাস। নাট্যদলটোৰ প্ৰতিষ্ঠাপক প্ৰযোজক শশী শক্তি ডেকা আৰু মূখ্য পৃষ্ঠপোষক পুতুলী ডেকা। আনহাতে নাটকৰ নাম প্ৰকাশৰ দিনৰে পৰা বিশেষ চৰ্চা লাভ কৰা উদয়ন থিয়েটাৰৰ  আগন্তুক নাট্যবৰ্ষকলৈ যথেষ্ট আশাবাদী প্ৰযোজক পৰিচালক তথা শিল্পী কলাকুশলী সকল। আনহাতে  প্ৰযোজকে জানিব দিয়া মতে ৩ ছেপ্টেম্বৰ পাঠশালাস্হিত উদয়ন থিয়েটাৰৰ আখৰা গৃহত শুভ নাট্যাৰম্ভ কৰিব উদয়ন থিয়েটাৰে।

Leave A Reply