Breaking

ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

0 2,058

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ  শিক্ষাৰ পোহৰ বিলাই আলোকিত কৰা ফিল’বাৰী কণিষ্ঠ মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল  ২৫ বছৰ সম্পূৰ্ণ কৰিলে । এই উপলক্ষে বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান আগন্তুক ৬ আৰু ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানটি সফল ৰূপায়ণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । কাৰ্যসূচী অনুসৰি প্ৰথম দিনা  পুৱা ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী অনুষ্ঠান আৰম্ভ হ’ব । তাৰ পিছত স্মৃতি তৰ্পণ আৰু সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জলন কৰিব ক্ৰমে মহাবিদ্যালয় খনৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক তুলসী উপাধ্যায় আৰু বিশিষ্ট নাট্যকৰ্মী ৰাজীৱ লোচন বৰাই । পুৱা ১০ বজাত গ্রন্থমেলাৰ দ্বাৰ উন্মোচন কৰিব ফিল’বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুহেশ্বৰ দাসে । অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘নতুন শিক্ষা নীতি’ ২০২০’ শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব । ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰকাশ জ্যোতি বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাচক্ৰ উদ্বোধন কৰিব তিনিচুকীয়া জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই । অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ মদন শৰ্মা, তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম দুৱৰাৰ উপৰিও ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ  অসমীয়া বিষয়ৰ বিষয় শিক্ষয়িত্ৰী নিৰদা বৰাৰ সম্পাদনাত প্ৰকাশ হ’বলগীয়া স্মৃতিগ্ৰন্থ ” ৰূপালী কিৰণ”ৰ উন্মোচন কৰিব তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই । তাৰ পিছত ন-পুৰণি ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হ’ব । দ্বিতীয় দিনাখন বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী আৰম্ভ হ’ব । উদ্ধোধন কৰিব ডুমডুমা আৰক্ষী চক্ৰৰ আৰক্ষী পৰিদৰ্শক মনিমোহন কোঁচে। বিয়লি শিক্ষাবিদ দ্ৰোণ চাৰিংগীয়া ফুকনৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হ’ব । এই সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ অমৰ উপাধ্যায়, ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ প্ৰাণজিত শইকীয়া,  অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিশান, সাংসদ প্ৰদান বৰুৱা, বিধায়কত্ৰয় ক্ৰমে দুৰ্গা ভূমিজ, সুৰেন ফুকন আৰু ভাস্কৰ শৰ্মা উপস্থিত থাকিব । সন্ধিয়া বিশিষ্ট শিল্পী বসন্ত দুৱৰাই সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব ।

Leave A Reply