Breaking

ছিমপ্লেক্স কোম্পানীয়ে চলাইছে দুৰ্নীতি

0 2,025

চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰৰ ঘাইপথ নিৰ্মাণৰ নামত জামুগুৰিহাটত ছিমপ্লেক্স নামৰ বহি:ৰাজ্যৰ কোম্পানীটোয়ে চলাইছে অনিয়ম দুৰ্নীতি।জামুগুৰিহাটৰ চকীঘাটৰ পৰা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  সমীপৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ হোৱালৈ প্ৰায় ৫কিলোমিটাৰ দৈঘ্যৰ পথটোৱা নিৰ্মাণৰ ক্ষেত্ৰত বালি মাটি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চৰকাৰী নিয়ম অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্বাচনৰ ক্ষেত্ৰত কাঠমাটি বা পাহাৰীয়া মাটি ব্যৱহাৰ কৰিব লাগে যদিও ছিমপ্লেক্স কোম্পানীটোৱে পথ নিৰ্মাণৰ বেলিকা জীয়া ভৰলীৰ বালি মাটি ব্যৱহাৰ কৰিছে।পূৰ্বৰ পৰাই স্থানীয় ৰাইজে এই ক্ষেত্ৰত অভিযোগ কৰি আহিছে যদিও ৰাইজৰ কথাক কোনো ধৰণৰ গুৰুত্বই নিদি বহি:ৰাজ্যৰ কোম্পানীটোৱে এইদৰেই বালিমাটি পথ নিৰ্মাণত ব্যৱহাৰ কৰি আহিছে। ইফালে জীয়া ভৰলী নদী  খান্দি  চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰৰ ঘাইপথ নিৰ্মাণ কৰাক লৈ  স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave A Reply