Breaking

জ্যোতি চিত্ৰবনত কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ “আগানৰ গান” শীৰ্ষক এটি গীত মুকলি…

0 101

আজি জ্যোতি চিত্ৰবনৰ ভিডিঅ’ কনফাৰেন্স হলত শব্দব্ৰহ্ম’ৰ প্ৰযোজনাৰে “আগানৰ গান” শীৰ্ষক গীতটি মুক্তি দিয়া হয় । গীতটিত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে । গীতিটিৰ কথা ঠেঙাল জ্যোতি স্বপ্নৰ । এই গীতটি নৱপ্ৰজন্মৰ মাজত স্বনামধন্য সাংবাদিক পৰাগ কুমাৰ দাসৰ কলমৰ যি শক্তি আছিল “আগান” সেইয়া সকলোৰে মাজত সংগীত আকাৰে জনগণৰ মাজত জাতীয় চেতনা উদ্বিগ্নৰ নতুন প্ৰচেষ্টা । নাহিদৰ সামাজিক চেতনাক চেল্যুৎ জনালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ।


লগতে তেওঁ কয় আগান সংগীতটোৱে অসমৰ জাতীয়তাবাদক শক্তি প্ৰদান কৰিব । এই অনুষ্ঠানটিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সমূহ হ’ল – অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ , দৈনিক জনম ভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন , হিতেশ বৰুৱা নেমকেয়াৰ হস্পিটালৰ স্বত্বাধিকাৰী তথা বিশিষ্ট সংগীতশিল্পী লগতে বিশ্ব জিৎ দাস অসমীয়া খবৰ কাকতিৰ সম্পাদক । প্ৰত্যেক গৰাকী ব্যক্তিয়ে আগান গীতটিৰ বিষয়ে মঞ্চত ব্যক্তব্য আগবঢ়াই তথা নাহিদ আফ্ৰিনক ভূয়সী প্ৰশংসা কৰে।

Leave A Reply