Breaking

চিতা (SITA) আৰু তিনিখন মহাবিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন

0 55

ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগ, অসমৰ উদ্যোগত সোমবাৰে জনতা ভৱনস্থিত আয়োগৰ কাৰ্যালয়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু পশু চিকিৎসা মহাবিদ্যালয়, খানাপাৰাৰ লগত তিনিখনকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

আয়োগৰ সহঃ উপাধ্যক্ষ ধ্ৰুৱ প্ৰসাদ বৈশ্যৰ উপস্থিতিত স্বাক্ষৰিত হোৱা চুক্তি মর্মে ক্ৰমাগতভাৱে বাঢ়ি অহা স্তন কৰ্কট ৰোগৰ ওপৰত বিশদ গৱেষণা আৰু নিৰাময়ৰ উপায় উদ্ভাৱনৰ প্ৰচেষ্টাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত চুক্তিবদ্ধ হয়।

লগতে ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাৰ বাবে উন্নত মানৰ প্ৰশিক্ষণ ব্যৱস্থাৰ বাবে কটন বিশ্ববিদ্যালয় আৰু সমৃদ্ধি প’লট্রি (Samriddhy Poultry) আঁচনিৰ জৰিয়তে গঞা মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যৰে চিকিৎসা মহাবিদ্যালয়ৰ লগত দুখন চুক্তিত চুক্তিবদ্ধ হয়।

আয়োগৰ হৈ মুখ্য কাৰ্যবাহী বিষয়া (CEO) এম.এচ.মনিভন্ননে, (আই.এ.এচ.) স্বাক্ষৰ কৰা চুক্তিপত্ৰ সমূহত কটন বিশ্ববিদ্যালয়ৰ হৈ অধ্যাপক দিগন্ত দাস, পশু চিকিৎসা মহাবিদ্যালয়ৰ হৈ ডাঃ বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্য আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৈ ডাঃ মুক্তাঞ্জলী ডেকাই স্বাক্ষৰ প্ৰদান কৰে।

উক্ত অনুস্থানত গুণ গোৱিন্দ দাস, দ্বীজেন্দ্ৰ সিং হাজাৰে, দীপাংকৰ বৰা, ডাঃ সংগীতা বৰঠাকুৰ, ডাঃ ৰুমা তালুকদাৰ, ডাঃ মিহিৰ শৰ্মা আৰু কন্দৰ্প কুমাৰ শ‍ইকীয়াই অংশ গ্রহণ কৰে। উক্ত অনুস্থানত সহঃ উপাধ্যক্ষ শ্ৰীৱ প্ৰসাদ বৈশ্যই উক্ত প্রকল্প সমূহৰ সফল ৰূপায়নে সমাজলৈ বিশেষ বৰঙণি আগবঢ়াৱ বুলি মন্তব্য কৰে৷

Leave A Reply